আলফা স্বাধীনক সমৰ্থন জনোৱাৰ অভিযোগ আৰু সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক লৈ পুনৰ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই বিষয়ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অনশন কৰি থকা আৰ এছ এছৰ স্বয়ংসেৱক হিতেশ্বৰ চক্ৰৱৰ্তীয়ে আৰ এছ এছ নেতৃত্বৰ শেহতীয়া স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
চক্ৰৱৰ্তীৰ দাবী অনুসৰি, হিমন্তবিশ্ব শৰ্মাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক সমৰ্থন কৰা বুলি অভিযোগ উঠাৰ পিছতো আৰ এছ এছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক সকিয়নী দি কোনো বিবৃতি দিয়া নহ’ল। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন বা NSAৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা নিজকে আৰ এছ এছৰ স্বয়ংসেৱক বুলি দাবী কৰা চক্ৰৱৰ্তীকহে সংঘৰ তৰফৰ পৰা সকিয়নী দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰিছে।
আৰ এছ এছৰ নেতৃত্বই হিতেশ্বৰ চক্ৰৱৰ্তীক সংগঠনটোৰ পৰা অব্যাহতি দিয়া বুলি দাবী কৰাৰ বিপৰীতে চক্ৰৱৰ্তীয়ে এই দাবী নস্যাৎ কৰিছে। তেওঁ নিজকে এতিয়াও আৰ এছ এছৰ স্বয়ংসেৱক বুলি দাবী কৰাৰ লগতে সংগঠনৰ দায়িত্বৰ পৰা নিজেই অব্যাহতি লোৱা বুলি কৈছে। আৰ এছ এছৰ আদৰ্শৰ পৰিপন্থী আলফা স্বাধীনক সমৰ্থন কৰা বুলি অভিযোগ উঠা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে নিজকে দায়িত্বৰ পৰা আঁতৰাই দিয়া বুলি আৰ এছ এছৰ নেতাই মিছা কথা কৈছে বুলিও চক্ৰৱৰ্তীয়ে অভিযোগ কৰিছে।
চক্ৰৱৰ্তীয়ে আৰু দাবী কৰে যে সৌ সিদিনালৈকে তেওঁ আৰ এছ এছৰ স্বয়ংসেৱক হিচাপে সংঘৰ বিভিন্ন অনুষ্ঠানত উপস্থিত আছিল আৰু বিভিন্ন কাৰ্যসূচীত তেওঁক আমন্ত্ৰণো জনোৱা হৈছিল। ভাৰত মাতা কেৱল আৰ এছ এছৰ প্ৰতীক নহয়, দেশৰ প্ৰতিগৰাকী নাগৰিকৰ অন্তৰত ভাৰত মাতাৰ স্থান আছে বুলিও তেওঁ মন্তব্য কৰে।
চক্ৰৱৰ্তীৰ মতে, পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক লৈ প্ৰশ্ন উত্থাপন কৰাটো কোনো ভুল নহয়। মুখ্যমন্ত্ৰীয়ে দেশদ্ৰোহীৰ কাম কৰা বুলি অভিযোগ কৰি তেওঁ হিমন্তবিশ্ব শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰৰ দাবীও জনাই আহিছে।
আজি অনশন কাৰ্যসূচীৰ ষষ্ঠ দিনত অনশনস্থলীৰ পৰাই হিতেশ্বৰ চক্ৰৱৰ্তীয়ে আৰ এছ এছ নেতৃত্বৰ স্পষ্টীকৰণৰ প্ৰত্যুত্তৰ দিয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিজৰ দাবীত তেওঁ অটল আছে আৰু এই বিষয়ত কোনো ধৰণৰ পিছ হোঁহকা দিবলৈ তেওঁ প্ৰস্তুত নহয়।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পৰেশ বৰুৱাৰ প্ৰতি সমৰ্থনসূচক মন্তব্য কৰাৰ অভিযোগ তুলি হিমন্তবিশ্ব শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই হিতেশ্বৰ চক্ৰৱৰ্তীয়ে অনশন আৰম্ভ কৰিছে। দেওবাৰৰ পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই অনশন কাৰ্যসূচী অহা ৩০ আগষ্টলৈকে চলাই নিয়াৰ কথা তেওঁ ঘোষণা কৰিছে।
চক্ৰৱৰ্তীৰ মূল দাবীৰ ভিতৰত আছে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচৰা, অন্যথা মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা। ইয়াৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে NSAৰ অধীনত মুখ্যমন্ত্ৰীক কৰায়ত্ত কৰাৰ দাবীও তেওঁ উত্থাপন কৰিছে। আনহাতে, আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবীও জনাইছে চক্ৰৱৰ্তীয়ে।
এই দাবীসমূহৰ সমৰ্থনত তেওঁ ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়, ৰাষ্ট্ৰপতি আৰু অসমৰ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰা বুলি জনাইছে। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয় আৰু ৰাজ্যপালৰ পৰা কোনো উত্তৰ লাভ কৰা নাই বুলি চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰিছে।
হিমন্তবিশ্ব শৰ্মাৰ আলফা সন্দৰ্ভত মন্তব্য, আৰ এছ এছৰ স্থিতি আৰু হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনে এতিয়া বিষয়টোক নতুন ৰাজনৈতিক আৰু মতাদৰ্শগত বিতৰ্কলৈ ঠেলি দিছে। এই বিতৰ্কত আৰ এছ এছ নেতৃত্ব আৰু চক্ৰৱৰ্তীৰ দাবীৰ মাজত থকা পাৰ্থক্যই ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰিছে।





