• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃটিছে নিষিদ্ধ কৰিব বিচৰা বিহুক সুৰক্ষা দিছিল পুৰণিগুদামৰ আনন্দ, মইমৎ, চেনিমাইয়ে

সম্প্ৰতি বিতৰ্কৰ মাজত মইমৎ ঢুলীয়া আৰু চেনি গাভৰুৰ জন্মস্থান আৰু ধৰ্ম

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
April 28, 2019 4:07 pm
20170411_162507

সাহিত্যিক ফনীন্দ্ৰ নাথ গায়নৰ জন্মদিন উপলক্ষে আয়োজিত আলোচনা সভাৰ এটি মুহূৰ্ত। ফাইল ফটো

32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি অসমৰ জাতীয় জীৱনৰ হৃদস্পন্দনত পৰিণত হোৱা বিহুক ওঠৰ শতিকাৰ মাজভাগত একাংশ সম্ভ্ৰান্ত অসমীয়াই অশ্লীল গীত-মাতৰ সংমিশ্ৰন বুলি অভিহিত কৰিছিল। সেই সকল অসমীয়াই আনকি সেই সময়ৰ বৃটিছ চৰকাৰৰ ওচৰত বিহুক নিষিদ্ধ কৰিবলৈ আৰ্জি পেচ কৰিছিল। বৃটিছ চৰকাৰেও বহু কেইজন সম্ভ্ৰান্ত অসমীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিহুক নিষিদ্ধ কৰাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণৰ কৰিবলৈ চেষ্টা কৰিছিল।

তেনে সময়তে বিহুৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰি বৃটিছ চৰকাৰৰ এই পদক্ষেপক বাধা প্ৰদান কৰিছিল নগাঁও জিলাৰ পুৰণিগুদামৰ কেইজনমান ব্যক্তিয়ে। সেই ব্যক্তি কেইজনৰে অন্যতম ঢুলীয়া মইমৎ টাটিঙাৰ ধৰ্ম পৰিচয় তথা জন্মস্থানক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে বিতৰ্কৰ।

Apply Now

একাংশই মইমত টাটিঙা ঢুলীয়াক হিন্দু ধৰ্মাৱলম্বী লোক বুলি অভিহিত কৰাৰ বিপৰীতে আন একাংশই তেওঁক ইছলাম ধৰ্মাৱলম্বী লোক বুলি কব বিচাৰে। তদুপৰি ঢোলৰ ওজা শিল্পী গৰাকীৰ জন্ম স্থানকলৈয়ো সৃষ্টি হৈছে বিতৰ্কৰ। কোনো কোনোৰ মতে তেওঁৰ জন্মস্থান পুৰণিগুদামৰ চলচলি হোৱাৰ বিপৰীতে আন একংশৰ মতে পুৰণিগুদাম কলংপাৰ হালোৱাগাঁও।

উল্লেখ্য যে, ওঠৰ শতিকাৰ মাজভাগত বহু কেইজন শিক্ষিত অসমীয়া বিহু গীত-নৃত্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল। এই শিক্ষিত অসমীয়া সকলে বিহু নৃত্য-গীতক অশ্লীল বুলি আখ্যা দি ইয়াক নিষিদ্ধ কৰিবৰ বাবে সেই সময়ৰ বৃটিছ চৰকাৰক আহ্বান জনাইছিল। সেই সময়তে বিহুৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে জাগি উঠিছিল মইমৎ টাটিঙা, আনন্দ দাস, চেনি গাভৰু, পিতৌ আদিয়ে।

সেই সময়ৰ নগাঁও আদালতৰ তৰণী আনন্দ দাসৰ নেতৃত্বত নিজৰ ভনীয়েক চেনিমাইক লগত লৈ গুৱাহাটীলৈ গৈছিল মইমতৰ এটি বিহু দল। তেওঁলোকে বৃটিছ চাহাবৰ ওচৰত বিহু নৃত্য কৰি, গীত গাই বিহু যে অশ্লীল নহয় এই কথা প্ৰমান কৰিছিল। ককায়েকৰ ঢোলৰ চাপৰত ভনীয়েকে হিয়া উজাৰি নচা দেখি বৃটিছ চাহাব সকলে বুজি উঠিছিল যে বিহু নাচত কোনো অশ্লীলতা নাই।

তেতিয়াৰ পৰাই বিহুৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতা বৃটিছ চাহাবে আঁতৰাই দিছিল। আনকি সফল হৈ গুৱাহাটীৰ পৰা উভতি অহি বিহু দলটোৱে পুৰণিগুদামৰ কলঙৰ বাকৰিৰ পতিয়াবালি নামৰ ঠাইত অনুষ্ঠিত কৰা প্ৰথমখন মুকলি বিহু উপভোগো কৰিছিল সেইসময়ৰ বগা চাহাবে।

শেহতীয়াকৈ মইমৎ টাটিঙা ঢুলীয়াৰ জন্ম স্থান আৰু তেওঁৰ ধৰ্মক লৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। ২০০০চনত প্ৰকাশিত ধৰণীধৰ মজিন্দাৰে লিখা তথা ফনীন্দ্ৰ নাথ গায়নে সম্পাদনা কৰা পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জীত মইমৎ টাটিঙা মুছলমান সম্প্ৰদায়ৰ বুলি আৰু তেওঁৰ ঘৰ চলচলিত বুলি উল্লেখ আছিল। কিন্তু ২০১৬চনত প্ৰকাশিত বিনু হাজৰিকাই সম্পাদনা কৰা একেখন গ্ৰন্থতে মইমৎ টাটিঙাৰ ঘৰ পুৰণিগুদামৰ কলংপাৰ হালোৱাগাঁৱত বুলি উল্লেখ আছিল।

তাৎপৰ্যপূৰ্ণ যে ইয়াৰ পাছতো ছচিয়েল মিডিয়াত এই বিষয়টোলৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। এই সম্পৰ্কত পুৰণিগুদামৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা কলং কলা কেন্দ্ৰৰ সম্পাদক চিত্তৰঞ্জন বৰাৰ মতে তেওঁৰ ব্যক্তিগত অনুসন্ধানত মইমৎ টাটিঙা ঢুলীয়া পুৰণিগুদাম হালোৱাগাঁৱৰ বাৰিকাচুকত বুলি প্ৰতিপন্ন হৈছে।

বৰাই জনোৱা মতে মইমৎ টাটিঙাৰ প্ৰকৃত নাম দেবাই। টাটিঙাৰ দুজন পুত্ৰ দীননাথ আৰু সোণাৰাম। দীননাথ ডাঙৰ আৰু সোণাৰাম সৰু। দীননাথৰ পুত্ৰদ্বয় ভোগৰাম আৰু ফণীধৰ জোনাইৰ বাসিন্দা হয়। সোণাৰামৰ তিনিজন পুত্ৰ ক্ৰমে হৰেন্দ্ৰ, সুনীল আৰু খগেন। এগৰাকী কন্যা পানীমলা। সুনীল সম্প্ৰতি প্ৰয়াত। বাকী দুজন বৰ্তমান পুৰণিগুদামৰ পিতৃৰ ভেটিত আছে।

চিত্তৰঞ্জন বৰাই জনোৱা মতে মইমতৰ স্মৃতি সজীৱ কৰি পুৰণিগুদামৰ হালোৱাগাঁৱত টাটিঙা টিকা বা টাটিঙা বাম বুলি এডোখৰ ঠাই আছে। বৰাই দাবী কৰা মতে মুখবাগৰি টাটিঙাৰ বাসগৃহ পুৰণিগুদামৰ চলচলি আৰু তেওঁৰ ইছলাম ধৰ্মাৱলম্বী বিষয়টো আহিছে। প্ৰকৃততে তেওঁ কলংপাৰ হালোৱাগাঁও বাৰিকাচুকৰ হিন্দু ধৰ্মাৱলম্বী লোকহে যে নিশ্চিত।

চিত্তৰঞ্জন বৰাই লগতে জানিব দিয়ে যে তেওঁ ঢুলীয়া মইমৎ টাটিঙাৰ ভগ্নী চেনিমাইক বিয়া দিয়া পোৱাই ওজাৰ পৰিয়ালৰ বংশলতা প্ৰস্তুত কৰিছে। তদুপৰি, মইমতৰ সহযোগী আনন্দ দাসৰো বংশলতা প্ৰস্তুত কৰিছে।  চিত্তৰঞ্জন বৰাই জনোৱা মতে পৰৱৰ্তী সময়ত এই বিষয়টোৰ লগত পৰৱৰ্তী সময়ত পিতৌ ঢুলীয়াৰ নামো সাঙুৰ খাই পৰে।

ইয়াৰ বিপৰীতে আন একাংশই মইমৎ টাটিঙা ঢুলীয়া ইছলাম ধৰ্মাৱলম্বী বুলি দৃঢ়তাৰে মন্তব্য কৰি তেওঁৰ ভগ্নী চেনিমাইৰ পৰিয়ালৰ এগৰাকী ভতিজাক বিচাৰি পোৱা বুলিও একাংশই মন্তব্য কৰিছে। কিন্তু এই সম্পৰ্কত প্ৰামানিক তথ্য কোনেও বৰ্তমানলৈকে দাঙি ধৰিবলৈ সক্ষম হোৱা নাই।

তাৎপৰ্যপূৰ্ণ যে ঢুলীয়া মইমৎ টাটিঙা হিন্দু নে মুছলমান এই কথা যদিও বৰ্তমানলৈকে স্পষ্ট হোৱা নাই অথবা বিতৰ্কৰ আৱৰ্তত তৎস্বতেও চিত্তৰঞ্জন বৰাই কয় যে মইমতৰ অবদানক প্ৰতিগৰাকী অসমীয়াই এজন প্ৰকৃত অসমীয়া হিচাবে শ্ৰদ্ধাৰে সোঁৱৰিব। কেৱল মইমতে নহয়, এই আটাইকেইজন পুৰোধা ব্যক্তি যি ধৰ্মৰে নহঁওক কিয় অসমৰ সংস্কৃতিৰ সুৰক্ষাৰ বাবে তেওঁলোকে আগবঢ়োৱা অবদানে তেওঁলোকক একো একোগৰাকী প্ৰকৃত অসমীয়া হিচাপে প্ৰতিপন্ন কৰিছে। সেয়ে প্ৰতিগৰাকী অসমীয়াৰ বাবে তেওঁলোক চিৰনমস্য।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd