NORTHEAST NOW (Assamese)

কৰ’নাভাইৰাছ: প্ৰধান মন্ত্ৰীৰ পুঁজিলৈ ১০০ কোটি টকা বৰঙনি আদানী ফাউণ্ডেচনৰ

March 29, 2020 8:50 pm · এন ই নাও নিউজ
Updated: March 29, 2020 8:54 pm

আদানী ফাউণ্ডেচনে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰীৰ পি এম কেয়াৰ্ছ পুঁজিলৈ (Prime Minister’s Citizen Assistance and Relief in Emergency Situations Fund) ১০০ কোটি টকাৰ বৰঙনি আগবঢ়াইছে।

তাৰোপৰি অন্যান্য সম্পদেৰেও দেশৰ দুৰ্য্যোগৰ সময়ত সহায় কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে ফাউণ্ডেচনটোৱে।

ইতিমধ্যে বলিউড অভিনেতা অক্ষয় কুমাৰ, ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰকে ধৰি তাৰকাসকলৰ লগতে বহু লোকে প্ৰধান মন্ত্ৰীৰ পুঁজিলৈ বৰঙনি আগবঢ়াইছে।

আপুনিও ছবিত উল্লেখ থকা মাধ্যমেৰে প্ৰধান মন্ত্ৰীৰ পুঁজিলৈ সাহায্য আগবঢ়াব পাৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাত্মক কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে ২১ দিনীয়া দেশজোৰা লকডাউন ঘোষণা কৰিছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও ই এতিয়াও সামূহিক সংক্ৰমণৰ পৰ্য্যায় পোৱাগৈ নাই।

দেওবাৰলৈকে বিশ্বত ৬৭৮,৯১০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ৩১ হাজাৰতকৈয়ো অধিক লোকৰ।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই প্ৰায় এহেজাৰৰ সীমা স্পৰ্শ কৰিছে। মৃত্যু হৈছে ২৫ গৰাকী লোকৰ।

Related News