Coronavirus India: উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়তে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ আৰু হ্ৰাস পালে। সেইদৰে সক্ৰিয় ৰোগীৰ সংখ্যা বিগত ১৯৭ দিনৰ ভিতৰত সৰ্বনিম্ন দেখা গৈছে।
শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২৪হাজাৰ ৩৫৪ জন লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ২৬হাজাৰ ৭২৭ জন লোক।
সেইদৰে, দেশত মুঠ কৰ’নাত আক্ৰন্তৰ সংখ্যা হৈছেগৈ ৩কোটি ৩৭লাখ ৯১ হাজাৰ ৬১জন।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২৩৪ জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।
সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪৮হাজাৰ ৫৭৩জন।
দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২৫হাজাৰ ৪৫৫জন।
দেশত এতিয়ালৈকে মুঠ ৩কোটি ৩০ লাখ ৬৮হাজাৰ ৫৬৯জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।
আৰু পঢ়ক: IPL Fight: কঠিন মেচত পঞ্জাৱৰ লগত হাৰি প্লে-অফৰ বাবে টনাটনি কলকাতাৰ
স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২লাখ ৭৩হাজাৰ ৮৮৯জন। শুকুৰবাৰৰ তুলনাত এই হাৰ ৮.৯শতাংশ কম। ১৯৭দিনৰ পাছত সক্ৰিয় ৰোগীৰ সংখ্যা ইমান হ্ৰাস পালে।
দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হ্ৰাস পালেও কেৰেলাৰ সংক্ৰমণৰ ঘটনাই উদ্বেগ বৃদ্ধি কৰি ৰাখিছে।
যোৱা ২৪ ঘন্টাত দেশৰ সৰ্বমুঠ আক্ৰান্ত ২৪ হাজাৰ ৩৫৪জনৰ ভিতৰত অকল কেৰেলাতে আক্ৰান্ত হৈছে ১৩হাজাৰ ৮৩৪জন। সেইদৰে ৰাজ্যখনত মৃত্যু হৈছে ৯৫জনৰ।
লগতে পঢ়ক: মধুৰ প্ৰতিশোধ! ভেকচিন লোৱা থাকিলেও ভাৰতলৈ অহা ব্ৰিটিছ নাগৰিকৰ কোৱাৰেন্টাইনৰ নিৰ্দেশ ভাৰতৰ
আনহাতে, দেশত এতিয়ালৈকে ৮৯কোটি ৭৪ লাখ ৮১ হাজাৰ ৫৫৪ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৬৯লাখ ৩৩হাজাৰ ৮৩৮ জন লোকক কৰ’নাৰ ভেকচিন দিয়া হৈছে।
ইপিনে, দেশত কৰ’না পৰিস্থিতিক কোনো কাৰণতে সহজভাৱে নল’বলৈ আহ্বান জনাইছে বিশেষজ্ঞসকলে।