NORTHEAST NOW (Assamese)

দেশত ক’ৰ’না ভাইৰাছৰ শেহতীয়া স্থিতি : ৫০ হাজাৰ স্পৰ্শ কৰিলে কোভিড১৯ত আক্ৰান্তৰ সংখ্যাই

May 6, 2020 11:30 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ক’ৰ’নাক্ৰান্ত মৃত্যুৰ সংখ্যা বুধবাৰলৈকে বৃদ্ধি পাইছে ১,৬৯৪ গৰাকীলৈ।

আজি এই বাতৰি যুগুত কৰি থকা পৰলৈকে দেশত ২৯৫৮ নতুকৈ আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পিছত কোভিড১৯ত আক্ৰান্ত সংখ্যা ৪৯,৩৯১ গৰাকী বৃদ্ধি  হৈছে।

মুঠ আক্ৰান্তৰ ভিতৰত ৩৩,৫১৪ গৰাকী ৰোগী এতিয়াও দেশৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে ১৪,১৮২ গৰাকী আক্ৰান্ত কোভিড১৯ মুক্ত বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।

কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ তথ্যৰ মতে কোভিড১৯ মুক্ত হোৱাৰ হাৰ পূৰ্বৰ ২৭.৪১ শতাংশৰ পৰা বৃদ্ধি পাই ২৮.৭১ শতাংশ হৈছে।

মঙলবাৰে দিনটোত ৩,৮৭৫ গৰাকী কোভিড১৯ আক্ৰান্তৰ ধৰা পৰা লগতে ১৯৪ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটিছে, যিটো আছিল ভাৰতত এটা দিনৰ ভিতৰত সৰ্বাধিক।

আনহাতে সমগ্ৰ বিশ্বত ২,৫৭,২৭৭ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্ত সংখ্যা বৃদ্ধি হৈছে ৩৬,৬৩,৮২৪ গৰাকীলৈ। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে মৃত্যু সংখ্যাই ৭০,০০০ অতিক্ৰম কৰিছে। বৃটেইনত ২৯,৫০১, ইটালিত ২৯,৩১৫, আৰু ফ্ৰান্সত ২৫,৫৩৭ আক্ৰান্তৰ মৃত্যু হৈছে।

সমগ্ৰ বিশ্বত কোভিড১৯ মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ১১,৯৯,২৫৪ গৰাকী।

Related News