NORTHEAST NOW (Assamese)

এই মাহৰ শেষলৈকে দেশজুৰি বাতিল সকলো যাত্ৰীবাহী ৰেল

March 22, 2020 2:25 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতীয় ৰেলৱেই কৰ’নাভাইৰাছৰ বিৰুদ্ধে পদক্ষেপৰ অংশ হিচাপে অহা ৩১ মাৰ্চলৈকে সকলো যাত্ৰীবাহী ৰেল বাতিল কৰিছে।

ৰেল মন্ত্ৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে COVID-19ৰ পৰিপ্ৰেক্ষিতত লোৱা পদক্ষেপ অব্যাহত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে ২২ মাৰ্চৰ পুৱা চাৰি বজাৰ বজাৰ পূৰ্বে যাত্ৰা আৰম্ভ কৰা যাত্ৰীবাহী ৰেলসমূহৰ যাত্ৰা সম্পূৰ্ণ কৰা হ’ব।

এই সিদ্ধান্তই চাবআৰ্বান ট্ৰেইন, ক’লকাতা মেট্ৰ’ ৰেল, কংকন ৰেলৱে আদিকে ধৰি সকলো যাত্ৰীবাহী ৰেলক সামৰি ল’ব।

মালবাহী ৰেলৰ চলাচল অব্যাহত থাকিব।

এই সময়চোৱাৰ বাবে যিসকল যাত্ৰীয়ে ৰেলৰ টিকেট বুক কৰি ৰাখিছিল তেওঁলোকৰ ধন ঘূৰাই দিয়া হ’ব।

বাতিল হোৱা যাত্ৰাৰ বাবে ৰেলযাত্ৰীসকলে তেওঁলোকৰ ১০০ শতাংশ ধন ঘূৰাই পাব।

তাৰোপৰি যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ধন ২১ জুন পৰ্য্যন্ত এই ধন ঘূৰাই পোৱাৰ ব্যৱস্থা কৰা হৈছে।

এই পদক্ষেপৰ ফলত দেশজুৰি ১২,০০০ ৰেলৰ চলাচল বন্ধ থাকিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় ৰেলৱেই ২২ মাৰ্চত ৰেলসেৱা বন্ধ ৰাখিছে।

ভাৰতত শেহতীয়াকৈ কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ইদিনতকৈ সিদিন অধিক হাৰত বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে ভাৰতত দেওবাৰলৈকে ৩২৪ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

আক্ৰান্তসকলৰ ভিতৰত ৪১ গৰাকী বিদেশী নাগৰিক।

কৰ’নাভাইৰাছত আক্ৰান্ত হৈ দেওবাৰ পৰ্য্যন্ত ভাৰতত ছগৰাকী লোক মৃত্যুমুখত পৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে ২২ গৰাকী ৰোগীক চিকিৎসাৰ পিছত যাবলৈ দিয়া হৈছে।

মহাৰাষ্ট্ৰত আটাইতকৈ বেছি আক্ৰান্ত চিনাক্ত হৈছে। দেওবাৰে এই সংখ্যাই ৬৩ চুইছেগৈ।

Related News