গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজি দুগৰাকী ব্যক্তিৰ দেহত মহামাৰী কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে ৷ আক্ৰান্ত লোক দুগৰাকীৰ নাম বলোৰাম বিশ্বাস (৩৪) আৰু মৌচুমী বিশ্বাস (৩০) ৷
সম্বন্ধত তেওঁলোক স্বামী স্ত্ৰী ৷ উল্লেখ্য যে কৰ’না মহামাৰীৰ দ্বিতীয়টো লহৰত আক্ৰান্ত কৃষ্ণাইৰ এইটোৱে প্ৰথম ঘটনা ৷
আজি কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলি থকা ৰেপিড টেষ্টৰ সময়তে এই দুগৰাকী ব্যক্তিৰ দেহত কৰ’না পজিটিভৰ অৱস্থিতি পোহৰলৈ আহে ৷
স্বাস্থ্য বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মুঠ ২৫ লোকৰ ৰেপিড পৰীক্ষা কৰা হৈছিল ৷
ইয়াৰ মাজতে বলোৰাম বিশ্বাস আৰু মৌচুমী বিশ্বাসৰ দেহত কৰ’না পজিটিভ ধৰা পৰে ৷
জানিব পৰা মতে,বলোৰাম বিশ্বাস আৰু মৌচুমী বিশ্বাসে জিএমচিএইচত থকা কোনোবা ৰোগীৰ খবৰ লৈ কালি সন্ধিয়া গুৱাহাটীৰ পৰা কৃষ্ণাইলৈ উভতি আহিছিল ৷
জ্যোতিনগৰ নিবাসী এই দম্পতীৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে সমগ্ৰ কৃষ্ণাইতে আতংকই বিৰাজ কৰিছে ৷
ইফালে আক্ৰান্ত লোক দুগৰাকীক স্বাস্থ্য বিভাগে ইতিমধ্যে ক’ভিড ১৯ৰ প্ৰট’কল অনুসৰি হোম আইছ’লেচনৰ ব্যৱস্থা কৰা বুলি বিভাগীয় সূত্ৰটোৱে জানিবলৈ দিছে ৷
উল্লেখ্য যে কৃষ্ণাইত কালি নিশালৈকে কৰ’না ৰোগীৰ সংখ্যা আছিল ১৮৮ ৷ জিলাখনত ক্ৰমান্বয়ে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে ৷
ইয়াৰ বিপৰীতে জনসাধাৰণক আজিও অসতৰ্ক হৈ থকা দৃষ্টিগোচৰ হৈছে ৷ মাস্ক পৰিধান কৰাৰ লগতে জনসমাগম পৰিহাৰ নকৰিলে জিলাখনত যে কৰ’না ৰোগীৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব ই নিশ্চিত ৷