NORTHEAST NOW (Assamese)

ল’কডাউনৰ নীতি-নিৰ্দেশনাৰে অতিথিৰ অনুপস্থিতিত বৰপেটাত বিবাহ সম্পন্ন

May 15, 2020 4:36 pm · শশাংক তালুকদাৰ
Updated: May 15, 2020 4:39 pm

ল’কডাউনৰ সময়ত সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালন কৰি বৰপেটা জিলাৰ সাৰংগ শৰ্মাই গোবিন্দপুৰ গাঁৱৰ বৰষা গোস্বামীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ আৰম্ভণি মেলে।

সম্পূৰ্ণ ৰীতি-নীতিৰে মুখত মাস্ক পিন্ধি দৰা-কইনাই কেইগৰাকীমান আত্মীয়ৰ উপস্থিতিত বিবাহ কাৰ্য্য সম্পন্ন কৰে।

আনকি তেওঁলোকৰ বিবাহ অনুষ্ঠানত কোনোধৰণৰ ৰভা বা বেণ্ড পাৰ্টিৰো ব্যৱস্থা নাছিল।

নৱ বিবাহিত দম্পতীহালে বিবাহ কাৰ্য্যত ৰাহি হোৱা টকাৰে ওচৰৰ মানুহৰ মাজত মাস্ক আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

ল’কডাউনৰ সময়ত বিবাহ আদি অনুষ্ঠানত প্ৰশাসনে অধিক সংখ্যক লোকৰ উপস্থিতি নিষিদ্ধ কৰিছিল।

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বৰপেটাৰ দম্পতীয়ে দেখুওৱা দায়বদ্ধতাক ওচৰ-চুবুৰীয়া সকলোৱে প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে, অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। বিগত দুটা দিনত মুঠ ২২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে অধিক সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে।

Related News