• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৰ্থ-ইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ; কালুগাঁও জাপিসজীয়া গাঁৱৰ ভৱেন গগৈলৈ আটাছুৰ সহায়ৰ হাত

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , May 15, 2020 4:20 pm

2 min read

নৰ্থ-ইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ; কালুগাঁও জাপিসজীয়া গাঁৱৰ ভৱেন গগৈলৈ আটাছুৰ সহায়ৰ হাত
2.7k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাবে সংবাদ মাধ্যমত  শিৱসাগৰৰ কালুগাঁও জাপিসজিয়া গাঁৱৰ  এজন যুৱকৰ এক কৰুণ কাহিনী প্ৰকাশ পাইছিল। দুয়োখন ভৰি অকামিলা হোৱা ভবেন গগৈ নামৰ যুৱকজনে চুচৰি-চুচৰি সকলো কাম কৰাৰ লগতে  বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰি সেই সামগ্ৰী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

২০১৬ চনত ৰাজমিস্ত্ৰীৰ লগত সহযোগী হিচাপে কাম কৰি থকা অৱস্থাত চাদৰ পৰা পৰি কঁকালত গুৰুতৰভাৱে আঘাত পোৱা ভবেন গগৈয়ে উন্নত চিকিৎসা কৰিব নোৱৰাৰ বাবে ঘৰতে শুই বহি থাকিব লগীয়া হয় ফলত তেওঁৰ দুয়োখন ভৰি অকামিলা হৈ পৰে।

পৰিয়ালক পোহ-পাল দিব নোৱাৰাৰ বাবে পত্নী কন্যাইও এবছৰৰ পূৰ্বে এৰি গৈছিল ভবেনক।

ভবেন গগৈৰ এই কৰুণ কাহিনী নৰ্থ-ইষ্ট নাওত  প্ৰচাৰ হোৱাত তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আটাছুৰ শিৱসাগৰ মহকুমা সমিতি, শিৱসাগৰ জিলা সমিতি, আমগুৰি সমিতি আৰু বৰুৱাপুখুৰী আঞ্চলিক সমিতি।

আটাছুৱে ভবেন গগৈক দুমাহৰ  খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে।

আটাছুৰ শিৱসাগৰ মহকুমাৰ কাৰ্যকৰী সদস্য অগ্ৰীম বুঢ়াগোহাঁয়ে কয়,  আজি আমি আটাছুৰ ফালৰ পৰা ভবেন গগৈক দুমাহৰ বাবে খাদ্য সামগ্ৰী প্ৰদান কৰিলো। অনাগত দিনত ভবেন গগৈক সকলো প্ৰকাৰে সহায় কৰাৰ লগতে ভবেন গগৈৰ যদি চিকিৎসাৰ প্ৰয়োজন হয় তেন্তে তেওঁৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব আটাছুৱে গ্ৰহণ কৰিব।

আনহাতে, শাৰিৰীকভাৱে সক্ষম তথা দৰিদ্ৰ লোকৰ বাবে চৰকাৰে যি সুবিধা প্ৰদান কৰে সেই সুবিধা ভবেন গগৈক প্ৰদান কৰিবলৈ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক আহ্বান জনাই আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ আৰন্ধৰাই।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd