NORTHEAST NOW (Assamese)

ইম্ফলৰ চৰকাৰী চিকিৎসালয়ৰ সন্মুখত বোমা বিস্ফোৰণ, দুজন আহত

November 16, 2020 8:41 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

সোমবাৰে ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (আৰ আই এম পি এছ)ৰ গেটৰ ওচৰত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বোমা বিস্ফোৰণত এজন ৪০ বছৰীয়া লোক আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পাপাও আৰু তেওঁৰ পত্নী হাওপি (৩৪) চিকিৎসাৰ বাবে ৰাজ্যখনৰ কাংপকপি জিলাখনৰ পৰা চৰকাৰী চিকিৎসালয়খনলৈ আহিছিল।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ৰাতিপুৱা ৯.৩৫ বজাত বিদেশত নিৰ্মিত এটা শক্তিশালী বোমা বিস্ফোৰণ ঘটাত দম্পতিহাল গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ পিছতে আঘাতপ্ৰাপ্ত দম্পতিহালক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় বুলিও জানিব পৰা যায়।

চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি আহত দম্পতিহাল এতিয়া বিপদমুক্ত হৈ আছে।

এই পৰ্যন্ত কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

ইফালে বিস্ফোৰণত জড়িত দোষীক কৰায়ত্ত কৰাৰ বাবে বৰ্তমান আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰা বুলি খবৰ লাভ কৰা গৈছে।

Related News