• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰিকৰী বিষয়াৰ প্ৰতিবেদন নোহোৱাকৈয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ অব্যাহত : ৰূপহীহাট উন্নয়ন খণ্ডত জিপিচিৰ দৌৰাত্ম্য

NE NOW NEWS মুৰুলী বৰুৱা
নগাঁও , November 16, 2020 9:25 pm

2 min read

index.jpgg
197
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ ৰূপহীহাট উন্নয়ন খণ্ডৰ ১৪ খন গাঁও পঞ্চায়তত ৰূপায়িত হৈ থকা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) চমুকৈ পিএমৱাই(জি) আচঁনিত ব্যাপক খেলি-মেলি সংঘটিত হোৱাৰ অভিযোগ অতি পুৰণি।

উন্নয়ন খণ্ডটোৰ একাংশ গাঁও পঞ্চায়ত সমন্বয়কে(জিপিচি) চৰকাৰী গাইড লাইন ভংগ কৰি হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ পৰিপ্ৰেক্ষিতত উন্নয়ন খণ্ড এলেকাৰ গৰিষ্ঠ সংখ্যক আৱাস গৃহই বিভাগীয় নিয়ম অনুসৰি সম্পূৰ্ণ হোৱা নাই।

উন্নয়ন খণ্ডটোৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাই যোগদান কৰাৰ পিছৰে পৰাই ৰহস্যজনক কাৰণত কনিষ্ঠ অভিযন্তা আৰু স্বীকৃতপ্ৰাপ্ত অভিযন্তাক পি এম এ ৱাই (জি) আঁচনি ৰূপায়নৰ পৰা আতঁৰাই ৰখাৰ ফলতেই জিপিচিসকলে নিজৰ খেয়াল খুচি মতে লুণ্ঠন অব্যাহত ৰখা বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিছে।

ফলত সৌসিদিনা উন্নয়ন খণ্ডটোৰ এলেকাধীন গেৰেকী গাঁও পঞ্চায়তৰ জিপিচি ৰিয়াজুল ইছলামক গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তই নিজৰ পত্নীৰ বেংক একাউন্টত হিতাধিকাৰীৰ ধন মোকলাই নিয়াৰ অভিযোগ প্ৰমাণিত হোৱাত চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

ইপিনে হাতীপুখুৰী পঞ্চায়তৰ জিপিচি নিপুমনি শইকীয়াই ৩০-৩৫ বছৰীয়া যুৱক-যুৱতীৰ নামত বৃদ্ধ পেঞ্চন দিয়াৰ ফলত বাতৰিৰ শিৰোনাম দখল কৰিছিল। এইগৰাকী জি পি চিয়ে শেষতীয়াকৈ পকী ঘৰ থকা মানুহক পি এম এ ৱাই (জি) গৃহ আবন্টন দিয়াৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি হাতীপুখুৰী গাওঁ পঞ্চায়তৰ ঘেহুৱা চলচলি গাঁৱৰ আব্দুল মন্নান নামৰ হিতাধিকাৰীজনৰ ( আই ডি নং-১১২৮৯৭৮) পকীঘৰ থকাৰ পিছতো কেনেদৰে দুটা কিস্তিৰ ধন মোকলাই দিলে সেয়া এক নিৰপেক্ষ তদন্তৰ প্ৰয়োজন বুলি জিলা উপায়ুক্তক অভিযোগ দিয়াৰ যো-জা চলাইছে।

তাৰোপৰি চতুৰ জিপিচি গৰাকীয়ে অন্য মানুহৰ নিৰ্মীয়মান গৃহৰ ফটো জনৈক মন্নান নামৰ হিতাধিকাৰীৰ বিপৰীতে এম আই এছত আপলোড কৰি চৰকাৰৰ শূন্যসহনশীল নীতিক ভেঙুচালি কৰা বুলি জানিব পৰা গৈছে।

আনপিনে ফাকলী গাঁও পঞ্চায়তত পি এম ৱাইৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱা বুলি পঞ্চায়ত সভানেত্ৰীৰ অভিযোগ আৰু মূখ্য কাৰ্যবাহী বিষয়াৰ প্ৰতিবেদন অনুসৰি গ্ৰামোন্নয়ন আয়ুক্তই জি পি চি ছাদ্দাম হোছেইনক গোলাঘাট জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ মেৰাপানী পঞ্চায়তলৈ শাস্তিমূলক বদলি কৰিছিল।

জি পি চি ছাদ্দামে গ্ৰামোন্নয়ন বিভাগৰ এগৰাকী যুটীয়া সঞ্চালকৰ হতুৱাই পূনৰ ৰূপহীহাটৰ হাতীপাৰালৈ বদলি হৈ অহাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চতূৰ ছাদ্দামক ৰূপহীহাটলৈ উভতাই আনিবলৈ গৈ হাতীপাৰাৰ জি পি চি ক মেৰাপানীলৈ বদলি কৰিছে গ্ৰামোন্নয়ন বিভাগে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd