যিসকল ক’ভিড আক্ৰান্ত ৰোগীক মৃত্যুমুখৰ পৰা বচাবলৈ অক্সিজেন যোগান ধৰিবলগা হৈছিল, তেনেধৰণৰ ৰোগীসকলে আৰোগ্য হোৱাৰ ৬ মাহ পাছত মস্তিষ্কত গুৰুত্তৰভাৱে চেৰিব্ৰেল ষ্ট্ৰ’ক হ’ব পাৰে।
তদুপৰি নানাধৰণৰ জটিল স্নায়ুজনিত ৰোগৰো চিকাৰ হ’ব পাৰে ৰোগীসকলৰ হাত, ভৰি আৰু অন্যান্য অংগসমূহ।
আনকি স্মৃতিশক্তিৰো বিলোপ হ’ব পাৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়া ষ্টেট ইউনিভাৰ্চিটি আৰু জৰ্জিয়া ইনষ্টিটিউট অৱ টেকনোলজিৰ বিজ্ঞানীসকলো চলোৱা এক গৱেষণাত এই তথ্য লাভ কৰা গৈছে।
তেওঁলোকে প্ৰস্তুত কৰা গৱেষণাপত্ৰখন সোমবাৰে আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘নিউৰোবায়োলজি অৱ ষ্ট্ৰেছ’ত প্ৰকাশ পাইছে।
গৱেষকসকলে অক্সিজেন লাভ কৰি ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা এনেধৰণৰ ৰোগীসকলৰ ওপৰত পৰীক্ষা চলাই প্ৰত্যক্ষ কৰে যে তেওঁলোকৰ মস্তিষ্কৰ ফ্ৰণ্টাল-টেম্পোৰাল অংশত থকা গ্ৰে’ মিটাৰৰ আয়তন অনেক কমি গৈছে।
যাৰ ফলস্বৰূপে, ৬ মাহ পাছতো তেওঁলোকৰ নানাধৰণৰ শাৰীৰিক অক্ষমতাই দেখা দিছে।
তেওঁলোকে নানাধৰণৰ স্নায়ুজনিত ৰোগ আৰু স্মৰণশক্তিৰো বিলোপ ঘটিছে।
কোনো কোনো ক্ষেত্ৰত তেওঁলোকে বাকশক্তিও হেৰোৱাই পেলোৱা দেখা যায়।
আনকি কথা কওঁতে জিভাৰ সঞ্চালনৰ ওপৰতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
মুখ্য গৱেষক কুৱাইকুৱাই দুৱানে কয় যে তেওঁলোকে প্ৰত্যক্ষ কৰামতে হস্পিতালত গুৰুত্তৰ অৱস্থালৈ যোৱা ক’ভিড ৰোগীসকলৰ মস্তিষ্কৰ গঠন আৰোগ্য লাভ কৰাৰ পাছত অনেক সলনি হৈ পৰিছে।
তেওঁ কয় যে ইয়াৰ কাৰণ হৈছে হস্পিতালত ৰোগীসকলক অক্সিজেন যোগান ধৰাৰ বাবে।
গৱেষকসকলে প্ৰত্যক্ষ কৰে যে গ্ৰে’ মিটাৰৰ আয়তন কমি যোৱাৰ ফলত ৰোগীসকলৰ স্কিঝোফ্ৰেনিয়াৰো অনেক লক্ষণ দেখা পোৱা গৈছে।