• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিড-১৯: অসমত নতুনকৈ সুস্থ চাৰিজন, চিকিৎসালয়ৰ পৰা মুকলি

Ritupallab Saikia ৰিতুপল্লৱ শইকীয়া
গোলাঘাট , April 17, 2020 8:10 pm

2 min read

2k
VIEWS
Share on FacebookShare on Twitter

ক’ভিড-১৯ত আক্ৰান্ত অসমৰ চাৰিজন ব্যক্তিক শুকুৰবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হাইদৰ আলি (৬২), ৱাহিদা বেগম (৩০), য়াকুব আলি (৫১) আৰু ৰুমা বেগম (৩৮)ক চিকিৎসালয়ৰ পৰা মুকলি কৰা হয়।

গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা তেওঁলোকক মুকলি কৰি দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰীয়ে সদৰী কৰা মতে তেওঁলোকৰ তেজ, স্বব আৰু এক্স ৰে’কে ধৰি সকলো পৰীক্ষা কৰোৱা হৈছে আৰু তেওঁলোকৰ নমুনা নিগেটিভ পোৱা গৈছে।

তেওঁ লগতে জনাই যে ব্যক্তিকেইজনৰ নমুনা আই চি এম আৰ লাহোৱালৰ পৰীক্ষাগাৰতো পৰীক্ষা কৰোৱা হৈছিল।

ব্যক্তি চাৰিগৰাকীৰ মুক্তিৰ পিছত চিকিৎসালয়খনত বৰ্তমান আৰু পাঁচগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জিলাখনৰ আটাইকেইজন চিকিৎসাধীন ৰোগীকে ২২ বা ২৩ এপ্ৰিলৰ ভিতৰত মুকলি কৰিব পৰা হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে, নিৰ্মাণ সম্পূৰ্ণ হোৱা গোলাঘাটৰ মাতৃ আৰু শিশু চিকিৎসালয়খন শুকুৰবাৰৰ পৰা সম্পূৰ্ণৰূপে ক’ভিড-১৯ চিকিৎসালয়লৈ উন্নীত কৰা হয়।

মন্ত্ৰী শৰ্মাই কয় যে গোলাঘাট জিলাৰ এই বিশেষ ক’ভিড-১৯ চিকিৎসালয়খনত ৫৬খন কুৱাৰেণ্টাইন বিচনা, ৪০খন আছুতীয়া বিচনা আৰু ২৪খন আই চি ইউ বিচনা থাকিব।

লগতে কৰ’নাভাইৰাছ শেষ হ’লে গোলাঘাটৰ অসামৰিক চিকিৎসালয়খন ভাঙি নতুনকৈ ৩০০ বিচনাযুক্ত এক চিকিৎসালয় নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও মন্ত্ৰীজনে প্ৰকাশ কৰে।

গোলাঘাট জিলাৰ চাৰিগৰাকী ব্যক্তিক ধৰি অসমত এতিয়ালৈকে নগৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিলে।

ইয়াৰ পূৰ্বে যোৱা দুদিনত সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা দুগৰাকী আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা তিনিজন সুস্থ ব্যক্তিক যাবলৈ দিয়া হৈছিল।

অসমত ক’ভিড-১৯ আক্ৰান্ত এজন ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে।

অসমত মুঠ ৩৪ গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছিল। বৰ্তমান ৰাজ্যত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ২৪ গৰাকী।

Tags: COVID-19

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd