NORTHEAST NOW (Assamese)

অসমীয়া নৱবৰ্ষত অসমবাসীলৈ এক বিশেষ অনুৰোধ মুখ্য মন্ত্ৰী সোণোৱালৰ

April 13, 2020 7:40 pm · এন ই নাও নিউজ
Updated: April 13, 2020 7:45 pm
মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি।

ৰঙালী বিহুৰ শুভেছা জনাই অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে অসমবাসীক জনাইছে এক বিশেষ অনুৰোধ।

অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত মঙলবাৰে সন্ধিয়া ৬ বজাত সকলোৰে ঘৰৰ পদূলিমুখত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালে অনুৰোধ জনাইছে।

বন্তিৰ শিখাই ক’ভিড-১৯ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ সংকল্প যোগাব বুলি মুখ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

“এই বন্তিৰ শিখাই আমাক লৈ যাব অন্ধকাৰৰপৰা পোহৰৰ দিশলৈ আৰু মনত যোগাব সাহস, শক্তি আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ দৃঢ় সংকল্প,” তেওঁ কয়।

বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ভিড-১৯ত আক্ৰান্ত হৈ অসমত এতিয়ালৈকে এজন লোকৰ মৃত্যু হৈছে।

এতিয়ালৈকে ৰাজ্যখনত মুঠ ৩০গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

আটাইকেইগৰাকী ব্যক্তি বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। তাৰোপৰি ৰাজ্যখনৰ বহুসংখ্যক লোকক বিভিন্ন স্থানত কুৱাৰেণ্টাইন কৰি ৰখা হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক কৰ’নাভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে ৫ এপ্ৰিলৰ সন্ধিয়া ন বজাত ন মিনিটৰ বাবে বন্তি প্ৰজ্বলনৰ আহ্বান জনাইছিল।

প্ৰধান মন্ত্ৰীৰ আহ্বানলৈ দেশজুৰি জনতাই বিপুল সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছিল।

Related News