NORTHEAST NOW (Assamese)

ওঠৰশৰ দিশে অসমত ক’ভিড আক্ৰান্ত, নতুনকৈ চিনাক্ত ৮৪

June 3, 2020 9:51 pm · কল্পজ্যোতি শইকীয়া
Updated: June 3, 2020 9:56 pm

৮৪গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত বুধবাৰে মুঠ আক্ৰান্ত ১৭৫৬লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে ডিমা হাচাওৰ ৩০, হোজাইৰ ২০, বিশ্বনাথৰ ১৪, ডিব্ৰুগড়ৰ দহ, কামৰূপৰ তিনি, কৰিমগঞ্জ আৰু এয়াৰপ’ৰ্টৰ দুগৰাকীকৈ আৰু কাছাৰ, ওদালগুৰি আৰু লখিমপুৰৰ এগৰাকীকৈ ব্যক্তি।

এইসকলক ধৰি বুধবাৰৰ দিনটোত এইপৰ্য্যন্ত ১৯৫গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

অসমত চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে। এতিয়ালৈকে ৪১৩গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ১৩৩৬গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

কিছু সময় পূৰ্বে ৫১ গৰাকী লোকৰ দেহত পোৱা গৈছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্তসকলৰ ২৮ গৰাকী, দৰঙৰ ১৩ গৰাকী, ৫ গৰাকী কৰিমগঞ্জ, শোণিতপুৰ জিলাৰ ৩ গৰাকী, ২ গৰাকী লখিমপুৰৰ আছিল।

আজিৰ দিনটোতে দিনৰ ভাগত ৬০ গৰাকী লোকৰ দেহত পোৱা গৈছিল মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৩৮ গৰাকী ধুবুৰী, ১৮ গৰাকী গোলাঘাট আৰু চাৰিগৰাকী নগাওঁ জিলাৰ আছিল।

মঙ্গলবাৰৰ দিনটোত ৭৬ গৰাকী লোকৰ দেহত পোৱা গৈছিল এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

সোমবাৰৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৬৭৫ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News