নিৰ্বাচনী প্ৰচাৰত মাস্ক নিপিন্ধা নেতাৰ উৰ্দ্ধবাহু নৃত্য দেখি নাভাবিব সহজ হৈ আছে ক’ৰ’ণাৰ স্থিতি।
ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশত এতিয়া ক’ৰ’ণাই পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে।
বিগত ২৪ ঘণ্টাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই চাৰিমাহৰ অভিলেখ ভংগ কৰিছে।
দেশত বিগত ২৪ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে ৪৩,৮৪৬গৰাকী লোক।
এতিয়া লৈকে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে গৈ ১ কোটি ১৫ লাখ ৯৯ হাজাৰ ১৩০ গৰাকী।
২৪ ঘণ্টাত ক’ৰ’ণাই প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ১৯৭ গৰাকী।ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে ১ কোটি ১১ লাখ ৩০ হাজাৰ ২৮৮ গৰাকী লোক।
ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছ বিধে এই পৰ্যন্ত প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা হৈছে ১লাখ৫৯ হাজাৰ ৭৫৫ গৰাকী । বিগত ২৪ ঘণ্টাত ক’ৰ’ণাৰ পৰা মুক্ত হৈছে ২২ হাজাৰ ৯৫৬ গৰাকী লোক।
বৰ্তমান দেশত ৩ লাখ ৯ হাজাৰ ৮৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।
কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত এতিয়ালৈকে ৪ কোটি ৪৬ হাজাৰ ৮৪১ গৰাকী লোকক ক’ৰ’ণাৰ ভেকচিন প্ৰদান কৰা হৈছে।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে অনুষ্টিত কৰা কোভিড সম্পৰ্কীয় বৈঠকত মাস্ক পৰিধান কৰা , ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদি কথা সমূহ জনতাই মানি চলাৰ বিষয়ত গুৰুত্ব দিয়া হৈছিল।
কিন্তু প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰীসকলে কৰা এনে আলোচনাৰ পিছতো নিৰ্বাচনৰ বাবে সাজু হোৱা ৰাজ্য সমূহত খোদ ৰাজনৈতিক দলৰ নেতা-নেত্ৰীসকলেই কোভিড প্ৰ’টোকল ভংগ কৰি নিৰ্বাচনী সভাত মাস্ক পৰিধান নকৰাকৈয়ে হাজাৰ হাজাৰ মানুহৰ মাজত উৰ্দ্ধবাহু নৃত্য কৰা দেখা গৈছে।
ইয়াৰ বিপৰীতে ব্ৰিটেইন, জাৰ্মানীকে ধৰি বিশ্বৰ বহু কেইখন দেশে পুনৰ লকডাউন ঘোষণা কৰাৰ প্ৰস্তুতি গ্ৰহণ কৰিছে। ভাৰতৰো বহু ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে।