অহা ২ মে ত অনুষ্ঠিত হ’বলগীয়া ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনৰ ভোটগণনাত নিয়োজিত হ’বলগীয়া বিষয়া- কৰ্মচাৰীৰ লগতে বিশ্বনাথৰ সাংবাদিক সকলৰ কভিড টেষ্ট সম্পন্ন কৰা হয়।
ক’ৰ’না মহামাৰীৰ ব্যাপক সংক্ৰমণে ভোটগণনাত যাতে প্ৰভাৱ নেপালায় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা অৱলম্বন কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে ।
আজি বিশ্বনাথ মহাবিদ্যালয়ত পুৱা ৯ বজাৰ পৰা ক’ভিড পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
বিশ্বনাথ আৰু বিহালী বিধান সভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত প্ৰায় ১000 গৰাকী বিষয়া- কৰ্মচাৰীৰ ক’ভিড পৰীক্ষা কৰোৱা হয়।