বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও একেবাৰে মুক্ত হোৱা নাই ৷
জিলাখনত শনিবাৰৰ দিনটোত নতুনকৈ ৩ জন ব্যক্তি ক’ভিড – ১৯ আক্ৰান্ত হোৱাত আক্ৰান্তৰ সংখ্যা ৭ জন হৈছে ৷
আক্ৰান্তসকল ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আছে ৷
ইপিনে ক’ভিডত আক্ৰান্ত হৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত এজন লোকৰ মৃত্যু হৈছে ৷
মতৃ লোকজন জিলাখনৰ উত্তৰ শালমাৰাৰ জহৰলাল সিংঘম(৪৬) বুলি জানিব পৰা গৈছে ৷
আনহাতে জিলাখনত শনিবাৰে ক’ভিডত আক্ৰান্ত তিনিজন লোক সুস্থ হৈ উঠিছে ৷
জিলাখনত শনিবাৰে মুঠ ১,২০২ জন ব্যক্তিক ক’ভিড টেষ্ট কৰা হয় ৷ উল্লেখ্য যে জিলাখনত ১ মাৰ্চৰ পৰা শনিবাৰলৈ মুঠ ক’ভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা হ’ল ৫,১২২ জন ৷