NORTHEAST NOW (Assamese)

ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণত পুনৰ ছয়গৰাকী লোকৰ মৃত্যু; মুঠ মৃতকৰ সংখ্যা ৭৬ গৰাকীলৈ বৃদ্ধি

July 24, 2020 8:56 pm · এন ই নাও নিউজ
Updated: July 24, 2020 10:16 pm
প্ৰতিনিধিত্বমূলক ফটো।

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত আজি পুনৰ ছয়গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

শুকুৰবাৰে মৃত্যু হোৱা লোক ছয়গৰাকী হৈছে ক্ৰমে- কৰিমগঞ্জৰ হালিম লস্কৰ(৭৫), আলেকজান বিবি(৫৫), নলবাৰীৰ চাৰাফুদ্দিন আহমেদ(৫৪), কামৰূপ মহানগৰ জিলাৰ প্ৰভাতী দাস(৮৫), প্ৰফুল্ল শৰ্মা(৬০) আৰু চৰোজ কুমাৰ মজুমদাৰ(৭৮)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰি মৃত ব্যক্তি সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

শুকুৰবাৰে মৃত্যু হোৱা ছয়গৰাকী লোকৰ সৈতে অসমত বৰ্তমানলৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৬ গৰাকীলৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ মুঠ ২৮,৭৯১ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে মুঠ ২০,৬৯৯ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হৈছে।

বৰ্তমান ৰাজ্যত ৮,০১৬ গৰাকী সক্ৰিয় ক’ৰ’না ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related News