• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ স্বাৰ্থত গঢ়ি উঠা ৰাজপথৰ সংগ্ৰামখনক সংসদৰ মজিয়ালৈ নিয়াৰ প্ৰতিশ্ৰুতি কনক গগৈৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 29, 2019 11:04 am
IMG-20190329-WA0002

শিৱসাগৰত বৃহস্পতিবাৰে যোৰহাট লোকসভা সমষ্টিৰ চিপিআইৰ প্ৰাৰ্থী কনক গগৈৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট লোকসভা সমষ্টিৰ চিপিআইৰ প্ৰাৰ্থী কনক গগৈয়ে বৃহস্পতিবাৰে শিৱসাগৰত এক সংবাদ মেল আয়োজন কৰি কংগ্ৰেছ, বিজেপি আৰু অগপ দলক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয় যে ১৯৯৯ চনত কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা  উদাৰ অৰ্থনৈতিক নীতিক বৰ্তমানৰ বিজেপি চৰকাৰে বিৰোধিতা কৰাৰ পৰিবৰ্তে  কাৰ্যকৰী কৰি দেশৰ সম্পদসমুহ চহকী পুঁজিপতি গোষ্ঠীক গতাই দিছে।

গগৈয়ে লগতে কয়, ‘’বিজেপিৰ নেপথ্যত এতিয়া গোড়া হিন্দুত্ববাদী সংগঠন সমুহৰ সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী কামকাজে আমাৰ সমাজ ব্যৱস্থাক কুলষিত কৰিছে। দেশত এতিয়া যি সকল ব্যক্তিয়ে বিজেপি তথা আৰ এছ এছৰ কামকাজক চোকা সমালোচনা কৰে সেই সকল ব্যক্তি আক্ৰমণৰ সন্মুখীন হয়। যুক্তিবাদী নেতা গোবিনিদ পানচাৰি, এন মালডুভি আৰু সাংবাদিক গৌৰী লংকেশ্ব ইয়াৰ জলন্ত উদাহৰণ।‘’

Apply Now

‘’বিগত সময়ত বিজেপি দলে নাগৰিকত্ব সংশোংধনী বিধেয়ক গৃহীত কৰিবলৈ কৰা ৰাজনীতি,  কিছুদিন পূৰ্বে পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনসংযোগ বিভাগত নিযুক্তিৰ নামত বিজেপি নেতা মন্ত্ৰীয়ে কৰা দূৰ্নীতি আৰু অসমৰ তৈলক্ষেত্ৰ সমুহ বৃহৎ পুঁজিপতিক গতাই দিয়াৰ দৰে অসম বিৰোধী যি কাৰ্যকলাপ সংঘটিত কৰিলে অসমৰ ৰাইজ বিজেপিৰ প্ৰতি সাংঘাটিক ধৰণে অসন্তুষ্ট হৈছে। ইফালে অসমৰ ৰাইজৰ কংগ্ৰেছ দলৰ প্ৰতিও থকা ক্ষোভ কমা নাই,‘’-বাঁওপন্থী নেতাগৰাকীয়ে কয়।

আনহাতে, গগৈয়ে অগপৰ প্ৰসংগতো মন্তব্য কৰি কয় যে এসময়ৰ অসমৰ শক্তিশালী আঞ্চলিকতাবাদী দল অসম গণ পৰিষদ দলৰ কেইগৰাকীমান নেতাই দলৰ নীতি আদৰ্শক জলাঞ্জলি দি অতি নিৰ্লজভাৱে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে। অগপই অসমৰ ৰাইজৰ বিধেয়কৰ বিৰুদ্ধে কৰা প্ৰৱল প্ৰতিবাদৰ বাবে খন্তেক সময়ৰ বাবে মিত্ৰ জোটঁৰ চৰকাৰৰ পৰা ওলাই অহা নাটক কৰিছিল যদিও ক্ষমতাৰ মোহ এৰিব নোৱাৰি পুনৰ বিজেপিৰে মিত্ৰতা কৰি ৰাইজৰ আগত নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে।

উক্ত কাৰণতেই দেশত বাঁও গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ দলৰ সন্মিলিত চৰকাৰৰ প্ৰয়োজন বুলিও মন্তব্য কৰে চিপিআই দলৰ প্ৰাৰ্থী কনক গগৈয়ে। তেওঁ লগতে কয়, এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত ৫৫ খন আসনত চিপিআই দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ  লগতে অসমত দুখন যোৰহাট আৰু লক্ষীমপুৰৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে।

তদুপৰি, কনক গগৈয়ে তেওঁ নিৰ্বাচনত জয়ী হ’লে অসমৰ জনগণৰ স্বাৰ্থত গঢ়ি উঠা ৰাজপথৰ সংগ্ৰামখনক সংসদৰ মজিয়ালৈ নিয়া হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে সংবাদ মেলত। অসম বিৰোধী যিকোনো নীতিৰ বিৰুদ্ধে সাংসদত প্ৰতিবাদ কৰা, সমষ্টিৰ উন্নয়নৰ বাবে লাভ কৰা নিদিষ্ট ধনৰাশি যথা সময়ত সদ্ ব্যৱহাৰ কৰা, ৰাজ্যৰ কৃষক, শ্ৰমিক, যুৱপ্ৰজন্ম, মহিলাকে ধৰি সকলো শ্ৰেণীৰ জনগণৰ স্বাৰ্থত কাম কৰা, যোৰহাট লোকসভা সমষ্টিটোক পৰ্যটনৰ ক্ষেত্ৰত আগোৱাই নিয়া, বান গড়াখহনীয়া, ৰাস্তা ঘাট, সীমা সমস্যা, বিশেষ ৰাজ্যৰ মৰ্য্যদা আৰু জনগোষ্ঠীয় সমস্যাক গুৰুত্ব প্ৰদান কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd