ৰাছিয়ান বাহিনীক প্ৰতিহত কৰিবলৈ ইউক্ৰেইনক ১৪ খন হেলিকপ্টাৰ প্ৰদান কৰিব ক্ৰোৱেছিয়াই। পৰৱৰ্তী ১০ দিনৰ ভিতৰত সেইবোৰ প্ৰথমতে পোলেণ্ডলৈ প্ৰেৰণ কৰিব। তাৰ পৰা ইয়াক চুবুৰীয়া ইউক্ৰেইনলৈ প্ৰেৰণ কৰা হ’ব।
সোমবাৰে তুৰ্কীৰ সংবাদ মাধ্যম আনাদোলু এজেন্সিৰ এক প্ৰতিবেদনত এই তথ্য দিয়া হৈছে।
বাতৰি অনুসৰি, ক্ৰোৱেচিয়ান সশস্ত্ৰ বাহিনীয়ে ইউক্ৰেইনক ১৪ খন অত্যাধুনিক হেলিকপ্টাৰ প্ৰদান কৰিব। ইয়াৰ ভিতৰত ১২ খন হৈছে এম আই-৮ এমটিভি-১ আৰু দুখন হৈছে এমআই-৮ মডেলৰ হেলিকপ্টাৰ।
লগতে পঢ়ক: ‘অক্ষমণীয় ভুল’! বিজ্ঞাপনৰ পৰা বাদ আবুল কালাম আজাদ! ক্ষমা বিচাৰিলে কংগ্ৰেছে
ক্ৰোৱেছিয়াই গোপনে ইউক্ৰেইনক সামৰিক সাহায্য প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লাঙ্কোভিচে যোৱা বছৰ নৱেম্বৰত ইউক্ৰেইনক ১৪ খন হেলিকপ্টাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছিল।