দেশৰ শক্তি আৰু গৌৰৱ সামৰিক বাহিনীৰ জোৱান সকলৰ মাজত দিনে দিনে বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা। বোধহয় অতিৰিক্ত কামৰ বোজা, কঠোৰ অনুশাসন, ছুটীৰ অভাৱ, ঘৰৰ পৰা দূৰৈত জীৱন মৃত্যুৰে যুঁজি দিনে নিশাই কৰ্তব্য কৰিবলগীয়া হোৱাৰ বাবেই এই প্ৰৱণতা বাঢ়িছে সেনা জোৱান সকলৰ মাজত।
সোমবাৰে কৰিমগঞ্জৰ ৰাতাবাৰী স্থানীয় কেম্প-১০ত কৰ্তব্যৰত অৱস্থাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এজন জোৱানে নিজৰ চাৰ্ভিচ ৰাইফলেৰে গুলীচালনা কৰি আত্মহত্যাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, নিহত সেনা জোৱানজনৰ নাম অজয় সিং।
ঘটনাৰ পিছতে চি আৰ পি এফৰ বিষয়াসকলে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যায় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে।
জানিব পৰা মতে, জোৱান অজয় সিঙ বিহাৰৰ লক্ষীচৰাই জিলাৰ ইন্দুপুৰ গাঁৱৰ বাসিন্দা ।
জোৱানজনে কিয় এই পন্থা বাচি ল’লে সেয়া এতিয়া পোহৰলৈ অহা নাই।
লগতে পঢ়কঃ যশস্বীৰ দুৰ্দান্ত শতক; এছিয়ান গেমছত বিজয়েৰে অভিযান আৰম্ভ কৰিলে ভাৰতে
লগতে পঢ়কঃ ঔষধৰ অভাৱ! চৰকাৰী চিকিৎসালয়ত ২৪ ঘন্টাত ১২ টি নৱজাতককে ধৰি ২৪ জনৰ মৃত্যু