• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০১৪ চনৰ ধৰ্ষণৰ গোচৰ, অৰ্জুন বঁটাপ্ৰাপ্তসহ শীৰ্ষ পৰ্যায়ৰ দুজন আৰক্ষী বিষয়াক নিলম্বন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2021 10:21 am
757
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মহিলা কনিষ্টবলে কৰা যৌন অত্যাচাৰৰ অভিযোগৰ ভিত্তিত চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চ, চমুকৈ চিআৰপিএফে এজন ডিআইজি পৰ্যায়ৰ আৰক্ষী বিষয়া আৰু এজন ইনস্পেক্টৰক তৎকালীনভাৱে নিলম্বন কৰিছে।

চিআৰপিএফে কৰা প্ৰাথমিক অনুসন্ধানত তেওঁলোক অপৰাধৰ প্ৰমাণ হোৱাৰ পাছতে এই সিদ্ধান্ত লোৱা হয়।

নিলম্বিত আৰক্ষী বিষয়া দুজন হৈছে ডিআইজি খজন সিং আৰু ইনস্পেক্টৰ সুৰজিত সিং।

অপৰাধটো সংঘটিত কৰাৰ সময়ত খজন সিঙে মুখ্য ক্ৰীড়া বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে সুৰজীত সিং আছিল দলৰ প্ৰশিক্ষক।

তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত যৌন অত্যাচাৰৰ অভিযোগৰ তদন্ত কৰিবলৈ চিআৰপিএফে দুবাৰকৈ অনুসন্ধান কৰিছিল।

প্ৰথমতে হোৱা প্ৰাথমিক অনুসন্ধানত তেওঁলোক দোষী সাব্যষ্ট হয়।

দোষী সাব্যষ্ট হোৱাৰ পাছতে তেওঁলোকক নিলম্বন কৰা হয়।

ইয়াৰ পাছত পূৰ্ণ পৰ্যায়ৰ অনুসন্ধানতো তেওঁলোক দোষী সাব্যষ্ট হ’লে চাকৰিৰ পৰা বৰ্খাস্ত হ’ব পাৰে।

বিশ্বস্ত সূত্ৰই জনোৱামতে, ইনস্পেক্টৰ সুৰজিৎ সিঙক ১৯ মাৰ্চত নিলম্বিত কৰা হৈছিল।

আনহাতে, ডিআইজি খজন সিঙক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা অনুমতি পোৱাৰ পাছতে নিলম্বিত কৰা হয়।

তেওঁলোকৰ ওপৰত আৰোপিত যৌন অত্যাচাৰৰ অভিযোগটো পুৰণি।

আৰক্ষী বিভাগৰ বিভিন্ন শিতানত কেইবাটাও মেডেলপ্ৰাপ্ত এগৰাকী ৩০ বছৰীয়া মহিলা কনিষ্টবলে তেওঁলোকৰ ওপৰত ধৰ্ষণ আৰু যৌন অত্যাচাৰৰ অভিযোগ উত্থাপন কৰে।

তাৰপাছতে কনিষ্টবলগৰাকীয়ে দিল্লী আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে যে দুয়োজনে তেওঁৰ ওপৰত বিভিন্ন সময়ত যৌন  অত্যাচাৰ কৰি আহিছে।

তেওঁ এজাহাৰ দাখিল কৰা বহু বছৰ পাৰ হৈ গৈছিল।

ইয়াৰ কাৰণ আছিল অভিযোগ অনুসৰি ডিআইজি খজন সিঙে চিআৰপিএফ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত প্ৰভাৱ বিস্তাৰ কৰি আহিছিল।

উল্লেখযোগ্য যে চিআৰপিএফৰ ডিআইজি খজন সিং এগৰাকী সাঁতোৰবিদো আছিল।

তেওঁ ১৯৮৬ চনত দক্ষিণ কোৰিয়াৰ ছিউলত অনুষ্ঠিত হোৱা এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিছিল।

তদুপৰি তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটাৰেও সন্মানিত কৰিছিল।

কনিষ্টবলগৰাকীৰ অভিযোগনামাত উল্লেখ আছে যে ২০১৪ চনৰ ৩১ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈকে তাইক দিল্লীৰ বসন্ত কুঞ্জৰ এটা ফ্লেটলৈ লৈ যোৱা হৈছিল আৰু তাত খজন সিং আৰু সুৰজিৎ সিঙে একলগে তাইক তিনি দিন ধৰি ধৰ্ষণ কাৰ্য চলাইছিল।

তদুপৰি ২০১৪ চনৰ ১ নৱেম্বৰত সুৰজিৎ সিঙে অকলে তাইক ধৰ্ষণ কৰা বুলিও অভিযোগ নামাত উল্লেখ কৰে।

২০১৮ চনত কনিষ্টবলগৰাকীয়ে কৈছিল যে তাই ৰাষ্ট্ৰীয় মহিলা আয়োগ, তদানীন্তন চিআৰপিএফ ডিজি ৰাজীৱ ভাটনাগৰ আৰু কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবালৈ তেওঁৰ অভিযোগ সম্পৰ্কে পত্ৰ প্ৰেৰণ কৰিছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd