• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বজুৰি চৰ্চিত কি এই ক্ৰিপ্ট’কাৰেন্সি ! চাওক বিশেষ প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2021 6:54 pm
Cryptocurrency
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ সঘনে উচ্চাৰিত এটা বিষয় হৈছে- ক্ৰিপ্ট’কাৰেন্সি। বিশ্বজুৰি এই বিষয়টোৱে চৰ্চা লাভ কৰি আছে। বিশেষকৈ যুৱ প্ৰজন্মই এই ক্ৰিপ্ট’কাৰেন্সিৰ প্ৰতি তীব্ৰ আকৰ্ষণবোধ কৰিছে। কিন্তু কি এই ক্ৰিপ্ট’কাৰেন্সি? চাও আহক এই সন্দৰ্ভত এখন বিশেষ প্ৰতিবেদন-

ক্ৰিপ্ট’কাৰেন্সি হৈছে এটা অৰ্থনৈতিক বিনিময়ৰ মাধ্যম। অৰ্থাৎ ৰুপী অথবা ডলাৰৰ দৰে এটা মূদ্ৰা। কিন্তু এই মূদ্ৰাবিধ হাতেৰে চুব নোৱাৰি, ই সম্পূৰ্ণ ইণ্টাৰনেটকেন্দ্ৰিক অৰ্থাৎ ডিজিটেল। ইয়াক ডিজিটেলী বিনিময় কৰা হয়। সূক্ষ্ম নিৰাপত্তা আৰু অতি গোপনীয়ভাৱে ইয়াক বিনিময় কৰা হয়।

Apply Now

যিহেতু crypto মানে গুপ্ত আৰু currency মানে টকা। সেয়ে ইয়াক অসমীয়াত গুপ্তধন হিচাপেও অভিহিত কৰিব পাৰি। ২০১৭ চনৰ পৰা বিশ্বজুৰি ইয়াৰ ব্যাপক ব্যৱহাৰ চলি আহিছে।

বিত্তীয় লেণদেনৰ ক্ষেত্ৰত ক্ৰিপ্ট’কাৰেন্সিক বৈপ্লৱিক বুলিব পাৰি। ইয়াৰ কাৰণ হৈছে ইমানদিনে বিত্তীয় লেন দেনৰ ক্ষেত্ৰত মূদ্ৰা ব্যৱহাৰ কৰি অহা হৈছে। প্ৰত্যেক দেশৰ মূদ্ৰা বিভিন্ন ধৰণৰ হয়। যেনে- ভাৰতীয় ৰূপী, মাৰ্কিন ডলাৰ, ইউৰোপৰ ইউৰো অথবা ব্ৰিটিছ পাউণ্ড। এইসমূহ লেন দেন কৰোতে গ্ৰাহক আৰু ক্ৰেতাৰ উপৰিও আন এটা পক্ষ তথা থাৰ্ড পাৰ্টিৰ উপস্থিতি চলি আহিছে। সেয়া হৈছে বেংক। বেংকে নিৰ্ধাৰণ কৰি দিয়ে যে লেনদেনত ব্যৱহাৰ হোৱা টকাখিনি বৈধ।

কিন্তু ক্ৰিপ্ট’কাৰেন্সিৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম। ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰকাৰীসকলেই হৈছে নিজা নিজা ডিজিটেল মূদ্ৰাৰ মালিক। বিত্তীয় লেন দেনৰ ক্ষেত্ৰত ক্ৰিপ্ট’কাৰেন্সি আদান-প্ৰদান কৰিবলৈ এটা নেটৱৰ্ক থাকে। ই সম্পূৰ্ণ ব্যক্তিগত আৰু সুৰক্ষিত। নিজৰ পৰিচয় গোপনে ৰাখিও এই লেনদেন কৰিব পৰা যায়। এই নেটৱৰ্ক অত্যন্ত জটিল।

ক্ৰিপ্ট’কাৰেন্সিৰ ওপৰত বিশেষজ্ঞসকলে বিশ্বৰ যিকোনো কোণত নিজা নিজা কম্পিউটাৰৰ দ্বাৰা এই বিত্তীয় লেন দেনসমূহৰ বৈধতা সূক্ষ্মভাৱে পৰীক্ষা কৰি থাকে। এই প্ৰক্ৰিয়াটোক মাইনিং বোলা হয়। বিশেষজ্ঞসকলক মাইনাৰ বোলা হয়।

সাধাৰণতে অনলাইনভাৱেই এই ক্ৰিপ্ট’কাৰেন্সিৰ লেন দেন কৰা হয়। অনলাইন শ্বপিঙৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। এটা ক্ৰিপ্ট’কাৰেন্সিক সম্পত্তি বুলিও গণ্য কৰিব পাৰি। যিহেতু কোনো দেশৰ চৰকাৰে এই ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰ অথবা তৈয়াৰ নকৰে, সেয়ে এইসমূহৰ কোনো চৰকাৰী স্বীকৃতি নাই।

ক্ৰিপ্ট’কাৰেন্সিৰ ক্ষেত্ৰত নেটৱৰ্কিংসমূহ সম্পূৰ্ণ সুৰক্ষিত বুলি কোৱা হৈছে যদিও আন কেতবোৰ বিষয়ো উত্থাপিত হৈছে। যেনে- যিহেতু ই কম্পিউটাৰৰ যোগেৰে লেন দেন হয়, সেয়ে হেকিং অথবা অন্যান্য ভাইৰাছৰ আক্ৰমণে কোনো ব্যৱহাৰকাৰীৰ সকলো তথ্য আৰু আৰ্থিক চুৰি হ’ব পাৰে।

বৰ্তমান বিশ্বজুৰি আটাইতকৈ বহুল প্ৰচাৰিত আৰু ব্যৱহৃত ক্ৰিপ্ট’কাৰেন্সিবিধ হৈছে বিটকইন। বিটকইনৰ পাছতে আছে ডগেকইন অথবা এথেৰিয়াম নামৰ ক্ৰিপ্ট’কাৰেন্সিসমূহ। বিটকইনৰ আৰম্ভণি হৈছিল ২০০৯ চনত। বৰ্তমান একোটা বিটকইনৰ মূল্য হৈছে ৬৮,৫১৫ ডলাৰ। ভাৰতীয় হিচাপত ৫১ লাখৰো অধিক।

আনহাতে, এটা ইথেৰিয়ামৰ বৰ্তমান ভাৰতীয় মূল্য হৈছে ৩ লাখৰো অধিক। উল্লেখযোগ্য যে এইসমূহৰ মূল্যৰ ক্ষেত্ৰত কোনো দেশৰ নিয়ন্ত্ৰণ নাথাকে।

উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানেও ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰ কৰে। ইয়াৰ ভিতৰত অন্যতম হৈছে মাইক্ৰ’চফট, উইকিপিডিয়াকে ধৰি প্ৰায় ৩০ হাজাৰতকৈও অধিক প্ৰতিষ্ঠান।

বিভিন্ন এপৰ দ্বাৰা ক্ৰিপ্টকাৰেন্সিসমূহ বিনিময় কৰা হয়। ভাৰততো এনেধৰণৰ এপসমূহ উপলব্ধ হৈ আহিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে কইনডিচিএক্স (COINDCX)। এই কইনডিচিএক্স ২০১৮ চনত তৈয়াৰ কৰা হৈছিল। বৰ্তমানলৈকে এই এপৰ যোগে প্ৰায় ৩৫ লাখ লোকে বিনিয়োগ কৰিছে।

ইয়াৰ উপৰিও জেবপেই (ZEBPAY), ইউনকইন (UNOCOIN) কে ধৰি কেইবাটাও এপ আছে, যিসমূহত লাখ লাখ লোকে বিনিয়োগ কৰি আহিছে।

মূ্দ্ৰাৰ ক্ষেত্ৰত যিদৰে বিভিন্ন দেশৰ বিভিন্ন নীতি আছে, তেনেধৰণে ক্ৰিপ্ট’কাৰেন্সিৰ ক্ষেত্ৰতো অনুৰূপ ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈ আহিছে। কোনো কোনো দেশত ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে, আনহাতে কিছু দেশত কিছু চৰ্ত অনুযায়ী ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ ভিতৰত অন্যতম দেশ হৈছে কানাডা।

কানাডাত ইয়াক এটা পণ্য হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে। এই অনুসৰি ক্ৰিপ্ট’কাৰেন্সিৰ ওপৰত টেক্স লগোৱা হয়। ইয়াৰোপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, ইজৰায়েলৰ দৰে চহকী দেশসমূহতো ক্ৰিপ্ট’কাৰেন্সিৰ ওপৰত বিভিন্ন নীতি আছে।

পশ্চিমীয়া দেশসমূহত ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰ হৈ আহিছে যদিও এছিয়া মহাদেশৰ বাংলাদেশত ২০১৪ চনত প্ৰথম বিটকইনৰ লেন দেন হয়। পাছত বাংলাদেশে বিটকইনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে।

ভাৰত চৰকাৰেও ক্ৰিপ্ট’কাৰেন্সিক লৈ ব্যষ্ট হৈ পৰা দেখা গৈছে। বৰ্তমানলৈকে ভাৰতত ক্ৰিপ্ট’কাৰেন্সি অবৈধ নহয়। কিন্তু ভাৰতৰ কেইবাজনো অৰ্থনীতিবিদে আশংকা প্ৰকাশ কৰিছে যে কোনো দুষ্টচক্ৰইও ইয়াক ব্যৱহাৰ কৰিব পাৰে। তদুপৰি ক’লা টকা বগা কৰাৰো ই এটা হাথিয়াৰ হ’ব পাৰি। এই অনুসৰি যোৱা ৩০ নৱেম্বৰত ৰাজ্যসভাত ক্ৰিপ্ট’কাৰেন্সি আৰু অফিচিয়েল ডিজিটেল কাৰেন্সি বিল ২০২১ৰ বিষয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বক্তব্য দাঙি ধৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে জনোৱামতে, সংসদৰ শীতকালীন অধিৱেশনতে সম্পূৰ্ণ নতুন বিলখন উপস্থাপন কৰা হব। সম্প্ৰতি উক্ত বিলখনক লৈ ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে। প্ৰশ্ন উত্থাপন হৈছে- ভাৰত চৰকাৰে ক্ৰিপ্ট’কাৰেন্সি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেনেধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিব?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd