• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

মিণ্টু দাস by মিণ্টু দাস
September 9, 2018 10:17 am
e0538637-8d5a-43e1-9f07-37e8a06dd218

নগাঁও আনন্দৰাম ঢেকীযাল ফুকন মহাবিদাালয়ৰ হীৰক জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৫৯ চনত প্ৰতিষ্ঠা হোৱা নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী মহোৎসৱৰ শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসুচী আৰম্ভ হয় এক বৰ্ণাঢ্য বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে। পুৱা দহ বজাত এই শোভাযাত্ৰাৰ উদ্বোধন কৰে নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজাই।

মহাবিদ্যালয় চৌহদৰ পৰা নগাঁও চহৰৰ মাজেৰে যোৱা এই বিশাল বৰ্ণিল শোভাযাত্ৰাত  প্ৰায় পাঁ‌চ হাজাৰৰো অধিক মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, প্ৰাক্তন ছাত্র-ছাত্ৰী, ন-পুৰণি অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰী তথা শুভাকাংখী ৰাইজে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ ২২টা বিভাগৰ ছাত্র-ছাত্ৰীয়ে সুকীয়া সুকীয়াকৈ এই শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অংশগ্ৰহণ কৰে। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সংস্কৃতিক অতি সাৱলীল ৰূপত তুলি ধৰা হয়।

Apply Now

নাম-কীৰ্তন, গণেশ বন্দনা, ভাগৱত শোভাযাত্ৰা, ভাওনা, দিহানাম, চাহ জনগোষ্ঠীয় সংস্কৃতি, বেংগলী সংস্কৃতি, পানী তোলা উৎসৱ, বিহু, দেউৰী বিহু, অগ্নিগড়, উষা-অনিৰুদ্ধ প্ৰেম, হৰি-হৰৰ যুদ্ধ, শংকৰী সং‌স্কৃতি, মুখাশিল্প, গায়ন-বায়ন, কেলিগোপাল ভাওনা, নন্দৰ ঘৰলৈ কৃষ্ণৰ মাখন চোৰ, ৰাসলীলা, পাহাৰৰ কৃষি কৰ্ম, নাও খেল, নাম উটুৱা, পিণ্ড দান, বানপানী গৰাখহনীয়া, মহাবাহুৰ মহামিলন, পাৰিজাত হৰণ ভাওনা, তিৱা নৃত্য, কৃষি কৰ্ম, চাংঘৰ, মৎস শিল্প, গোহালি, ম’হহো, পিয়লি ফুকনৰ ফাঁচী, পথৰুঘাটৰ ৰণ, ভাৰত ত্যাগ আন্দোলন, ভাষা আন্দোলন, আলফা স্বাধীনৰ বিপ্লৱকে ধৰি অসংখ্য বিষয়ৰ প্ৰতীকী ৰূপে নগাঁও চহৰৰ আকাশ-বতাহ জীপাল কৰি তোলে।

এই শোভাযাত্ৰাত প্ৰায় ডেৰ হাজাৰৰো প্ৰাক্তন ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰায় ডেৰ কিলোমিটাৰ যোৰা এই বিশাল শোভাযাত্ৰাই হাজাৰ হাজাৰ জনতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে।

এক বজাৰ পৰা আৰম্ভ হয় গুৰু-শিষ্যৰ মিলন সমাৰোহ। এই অনুষ্ঠানটি মুকলি কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই। বিয়লি  প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি আবুল হাচিম খণ্ডকাৰৰ সভাপতিত্বত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ অনুস্থিত হয়। এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা উদযাপন সমিতিৰ সভাপতি সহজানন্দ ওজা, প্ৰাক্তন ছাত্ৰ তথা অধ্যাপক নৱ মহন্ত, প্ৰাক্তন ছাত্ৰ তথা মানৱাধিকাৰ কৰ্মী লাচিত বৰদলৈ, মহাবিদ্যালয়ৰ প্ৰথমগৰাকী ছাত্ৰী জেৰিন বৰুৱা, প্ৰাক্তন ছাত্ৰ হলিৰাম চমুৱাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে স্মৃতি ৰোমন্থন কৰি ভাষণ প্ৰদান কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীয়ে আদৰণী ভাষণ প্ৰদান কৰা সভাখনত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদকসকলক সম্বৰ্দ্ধনা জনোৱা হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd