ওদালগুৰিত দেওবাৰে শুল্ক আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাই চলোৱা অভিযানৰ সময়তে দুজন বাইকেৰে অহা হাতী দাঁতৰ চোৰাং ব্যৱসায়ী পলাই সাৰিবলৈ সক্ষম হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, ওদালগুৰি জিলাত হাতী দাঁতৰ চোৰাং ব্যৱসায়ৰ সন্দৰ্ভত এক বিশেষ সূত্ৰে খৱৰ পোৱাৰ পাছত গুৱাহাটীৰ পৰা অহা শুল্ক আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ এটি দলে দেওবাৰে আবেলি ২ মান বজাত টংলা ৰে’ল ষ্টেশ্যনৰ উত্তৰ দিশে এক যৌথ তালাচী অভিযান চলায়।
ইয়াৰ মাজতে ওদালগুৰি-তামুলপুৰ পথেৰে তামুলপুৰৰ দিশৰ পৰা টংলা ৰে’ল ষ্টেশ্যন অভিমুখে বাইকত দুজন চোৰাং কাৰবাৰীয়ে এটা প্লাষ্টিক বেগ কঢ়িয়াই লৈ আহি আছিল।
কিন্তু গুৱাহাটীৰ পৰা অহা শুল্ক আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অভিযানকাৰী দলটোৱে তেওঁলোকক ৰখাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁলোকে বেগটো ঘটনাস্থলীতে পেলাই থৈ পলাই যাবলৈ সক্ষম হয়।
অভিযানকাৰী দলটোৱে বেগটোৰ পৰা ধানৰ মাজত লুকাই অনা ছয়টা হাতী দাঁত উদ্ধাৰ কৰে। হাতী দাঁতকেইটাৰ ওজন ১৩ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে।
জব্দ কৰা হাতী দাঁত কেইটাৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় বজাৰত ১.৫ কোটি হ’ব বুলি অনুমান কৰা হৈছে।
আনহাতে, বিভাগীয় সূত্ৰই জানিব দিয়ে যে বিষয়টোৰ অনুসন্ধান চলি আছে আৰু চোৰাং কাৰবাৰীসকলক আটক কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে।