NORTHEAST NOW (Assamese)

শিশু শ্ৰম বন্ধ কৰাৰ উদ্দেশ্যে মণিপুৰৰ তিনি যুৱতীৰ দু:সাহসিক চাইকেল যাত্ৰা

December 29, 2020 12:33 pm · পুলেন্দ্ৰ দাস
Updated: December 29, 2020 12:47 pm
ফটো : নৰ্থ-ইষ্ট নাও

মণিপুৰৰ তিনি যুৱতীৰ দু:সাহসিক চাইকেল যাত্ৰা। মহান উদ্দেশ্য লৈ এই তিনি গৰাকী যুৱতীয়ে ২৩ ডিচেম্বৰৰ পৰা আৰম্ভ কৰে দু:সাহসিক চাইকেল যাত্ৰা ৷

‘মহিলাৰ বিৰুদ্ধে চলা নিৰ্যাতন আৰু শিশু শ্ৰম বন্ধ’ কৰাৰ লগতে কেইবাটাও বিষয়ত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে চাইকেলেৰে মণিপুৰৰ পৰা দেশৰ ৰাজধানী দিল্লী অভিমুখে যাত্ৰা কৰিছে যুৱতী তিনিগৰাকীয়ে।

আজি যুৱতী তিনিগৰাকী ৰাতিপুৱা নামনি অসমৰ বৰপেটা চহৰত উপস্থিত হয়।

যুৱতী তিনিগৰাকী হৈছে মণিপুৰৰ ৱেষ্ট ইম্ফলৰ মাথুৰাবাশী মায়ুম বিন্দিয়া দেৱী, কাকচিঙৰ চিনাম ৰশ্নী দেৱী আৰু কেইবিৰ চাকপ্ৰাম নাওচা চানু।

যুৱতী তিনি গৰাকীয়ে আজি বৰপেটা চহৰত উপস্থিত হোৱা বুলি জানিব পাৰি স্থানীয় একাংশ ৰাইজে তেওঁলোকক ফুলাম গামোছাৰে আদৰণি জনায় আৰু তেওঁলোকৰ উদ্দেশ্য সফল হোৱাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে যুৱতী তিনি গৰাকীয়ে আৰম্ভ কৰা চাইকেল যাত্ৰা নাগালেণ্ড, অসম, পশ্চিম বংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ হৈ গন্তব্য স্থান দিল্লীত উপস্থিত হ’ব।

২৫০০ কিলোমিটাৰ যোৰা এই চাইকেল যাত্ৰা ২০ দিনৰ ভিতৰত সমাপ্ত কৰিব বুলি জানিবলৈ দিয়ে যুৱতী তিনিগৰাকীয়ে।

Related News