NORTHEAST NOW (Assamese)

উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিম বংগত ‘আছানী’ৰ আঘাত: ভাইৰেল ভিডিঅ’

May 10, 2022 8:28 pm · এন ই নাও নিউজ, গুৱাহাটী

অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাত আঘাত কৰিছে আছানীয়ে। আছানী হৈছে এক তীব্ৰ বেগী ঘূৰ্ণীবতাহ। সিংহলা শব্দ ‘আছানী’ৰ অসমীয়া প্ৰতিশব্দ হৈছে ক্ৰোধ।

অৱশ্যে এই ভয়াৱহ আছানীৰ গতি ইয়াৰ পশ্চিম-উত্তৰ-পশ্চিম দিশৰ যাত্ৰাত হ্ৰাস হোৱা দেখা গৈছে।

মঙলবাৰে নিশাৰ ভিতৰত ই উত্তৰ-উত্তৰ-পূবৰ ফালে উত্তৰ অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যা উপকূলৰ উত্তৰ-পশ্চিম বংগোপ সাগৰৰ ফালে পুনৰ ঘূৰি যাব বুলি আশা কৰা হৈছে।

 

তীব্ৰ বেগী আছানী হৈছে ২০২২ চনত সৃষ্টি হোৱা প্ৰথম ঘূৰ্ণীবতাহ। শ্ৰীলংকাৰ পৰামৰ্শ অনুসৰি ইয়াৰ নামাকৰণ কৰা হৈছে।

মঙলবাৰে পুৱা আছানীয়ে ইয়াৰ প্ৰণালী কেন্দ্ৰৰ চাৰিওফালে ১০০ ৰ পৰা ১২০কিলোমিটাৰ প্ৰতি ঘণ্টা বতাহৰ ভয়ংকৰ বতাহ বহন কৰি আছে।

Related News