• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিফল নে সফল: এবছৰীয়া ডঃ শৰ্মা চৰকাৰ প্ৰতিশ্ৰুতি পূৰণত সঁচাকৈয়ে সফল হ’ল নে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 10, 2022 8:42 pm
Assam Govt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমত আজি এটা বছৰ সম্পূৰ্ণ কৰিলে।

কোভিডৰ প্ৰত্যাহ্বানৰ মাজতে বহু প্ৰতিশ্ৰুতি দি শাসনৰ গাদীলৈ আহিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ।

Apply Now

দক্ষ মন্ত্ৰী হিচাপে বহুকেইটা কাৰ্যকাল কাৰ্য নিৰ্বাহ কৰি অহা ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ অসমবাসীৰ আছিল বহু আশা-প্ৰত্যাশা।

মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমে বহু আশা কৰিছিল।কিন্তু কিমান প্ৰত্যাশিত হ’ল জনতাৰ আশা? নে অপ্ৰত্যাশিতভাৱে পাৰ হ’ল এটা বৰ্ষ?

বিজেপি দ্বিতীয়বাৰ শাসনলৈ অহাৰ পূৰ্বে বহু সপোন দেখুৱাইছিল হিমন্ত বিশ্ব শৰ্মাই।

তাৰ ভিতৰত অন্যতম ১ বছৰত ১ লাখ চাকৰিত নিযুক্তি!

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত ১ লাখ যুৱকক গণি গণি ১ লাখ চাকৰিত নিযুক্তি দিয়া হ’ব।

কিন্তু তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দাবী কৰা মতে এবছৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মুঠ ১১৫৭ টা চাকৰিহে দিছে।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্য এক প্ৰতিশ্ৰুতি আছিল ২৬ লাখ মহিলাক মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়াটো।

২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে ১ লাখ চাকৰি সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতিৰ লেখীয়াকৈ প্ৰত্যেকগৰাকী ঋণগ্ৰস্ত মহিলাক ঋণ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পাছতে এই সন্দৰ্ভত পাভলুটি মাৰিলে হিমন্ত বিশ্ব শৰ্মাই। ৭ টা নিৰ্দিষ্ট চৰ্ত সাপেক্ষেহে ঋণ পৰিশোধ কৰিবলৈ মান্তি হ’ল শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ।

তাকো প্ৰথম অৱস্থাত ২৫ হাজাৰকৈহে মাইক্ৰ’ফাইনেন্সৰ চেক লাভ কৰিছে একাংশ মহিলাই। বহু মহিলা এতিয়াও বঞ্চিত চৰকাৰৰ এই সাহায্যৰ পৰা।

দ্বিতীয় বাৰ শাসনলৈ অহা বিজেপি চৰকাৰৰ অন্য এক প্ৰতিশ্ৰুতি আছিল ৩০ লাখ পৰিয়ালৰ অৰুণোদয় আঁচনিৰ ধন ৩০০০ টকালৈ বৃদ্ধি।

কিন্তু শৰ্মা চৰকাৰৰ সেই প্ৰতিশ্ৰুতি পূৰণ হ’ল নে?

সুত্ৰ অনুসৰি বৰ্তমান ৰাজ্যৰ ১৯ লাখ হিতাধিকাৰীয়ে ১০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছে।

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা দিনাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল। যি বিষয়ে বিজেপিৰ সংকল্প পত্ৰটো উল্লেখ আছিল।

বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত ২০ শতাংশ আৰু অন্য অঞ্চলত ১০ শতাংশ আবেদনৰ পুনৰীক্ষণ কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু যোৱা এটা বছৰে শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে বিজেপি চৰকাৰে কোনো উদ্যোগ গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ’ল।

ঠিক সেইদৰে ধোঁৱা চাঙত বানমুক্ত অসম গঢ় দিয়াৰ “মিছন ব্ৰহ্মপুত্ৰ” অভিযান। যাৰ জৰিয়তে ধুবুৰীৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰ খনন আৰু বৃহৎ বৃহৎ ৰিজাৰ্ভাৰ বন্ধাই অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু বৰ্তমান পৰ্যন্ত এইখন বিজেপি চৰকাৰে প্ৰথম পদক্ষেপো গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ’ল।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd