• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2026 1:00 pm
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেটৰ নতুন চাঞ্চল্য বৈভৱ সূৰ্য্যবংশী। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা পেচাৰ ডেল ষ্টেইনে তেওঁৰ বিষয়ে এটা ডাঙৰ মন্তব্য কৰিছে। তেওঁৰ মতে যদি তেওঁ সঠিক দিশত আগবাঢ়িব পাৰে আৰু মানসিক ভাৰসাম্য বজাই ৰাখিব পাৰে তেন্তে ভৱিষ্যতে বৈভৱে এনে উচ্চতাত উপনীত হ’ব পাৰে যে শচীন তেণ্ডুলকাৰ বা বিৰাট কোহলীৰ সফলতাকো চেৰ পেলাব পাৰে। ষ্টেইনৰ এই মন্তব্যক কেন্দ্ৰ কৰি ইতিমধ্যে ক্ৰিকেট জগতত তুমুল চৰ্চা চলিছে।

ভাৰতীয় ক্ৰিকেটত প্ৰতিভাৱান যুৱ খেলুৱৈৰ অভাৱ নাই। অৱশ্যে ইমান কম বয়সতে এনে সফলতা অতি কম সংখ্যক ক্ৰিকেটাৰেহে লাভ কৰিছে।

Apply Now

আই পি এল ২০২৬ত বেটিঙেৰে চকু কপালত তুলিছে বৈভৱে। গোটেই প্ৰতিযোগিতাখনত ৭৭৬ ৰান সংগ্ৰহ কৰি তেওঁ অৰেঞ্জ কেপ লাভ কৰে। কেৱল তেওঁৰ ৰাণেই নহয়, তেওঁৰ বেটিং শৈলীয়েও ক্ৰিকেট বিশেষজ্ঞসকলক আপ্লুত কৰিছে। বহুতৰ মতে এই প্ৰদৰ্শনে প্ৰমাণ কৰিছে যে তেওঁ সাধাৰণ নহয়।

দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগ এছ এ ২০ৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত ষ্টেইনে বৈভৱক ‘ৱাণ্ডাৰ বয়’ আৰু ‘ভাৰতীয় ক্ৰিকেটৰ সম্পদ’ বুলি অভিহিত কৰে। তেওঁৰ মতে, যুৱ বেটছমেনগৰাকীৰ এনে গুণ আছে যিয়ে তেওঁক ভৱিষ্যতে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিব পাৰে।

ষ্টেইনে লক্ষ্য কৰিছে যে বৈভৱৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে বিভিন্ন ধৰণৰ বলিঙৰ বিৰুদ্ধে সমান দক্ষতাৰে আক্ৰমণাত্মকভাৱে বেটিং কৰাৰ ক্ষমতা। পেচ হওক বা স্পিন হওক, ডাঙৰ বা সৰু খেলপথাৰ হওক; পৰিস্থিতিৰ লগত সোনকালে খাপ খুৱাব পৰা ক্ষমতা তেওঁৰ আছে। প্ৰটিয়াছৰ প্ৰাক্তন তাৰকাগৰাকীয়ে ধাৰণা কৰে যে এই গুণে তেওঁক আনতকৈ পৃথক কৰি তোলে।

অৱশ্যে ষ্টেইনে তেওঁৰ প্ৰশংসাৰ লগতে সকীয়াইও দিছে। তেওঁৰ মতে কম বয়সতে সফলতা আৰু জনপ্ৰিয়তা আশীৰ্বাদ আৰু প্ৰত্যাহ্বান দুয়োটাই আছে। খ্যাতিৰ চাপত মোকাবিলা কৰাটো আৰু ধাৰাবাহিকতা বজাই ৰখাটো অতি কঠিন বুলি ডেল ষ্টেইনে সোঁৱৰাই দিয়ে।

ষ্টেইনৰ মতে আধুনিক টি-২০ ক্ৰিকেটত মানসিক যুঁজ অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে বিৰোধী বলাৰসকলে বাউন্সাৰ আৰু আক্ৰমণাত্মক কৌশল ব্যৱহাৰ কৰি যুৱ বেটছমেনৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। বেটছমেনৰ মনত অলপ সন্দেহ বা ভয়েও তেওঁৰ সিদ্ধান্ত গ্ৰহণ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে।

একেটা সাক্ষাৎকাৰতে ষ্টেইনে বিৰাট কোহলীকো প্ৰশংসা কৰে। তেওঁ কয় যে কোহলীৰ ধাৰাবাহিকতা, ফিটনেছ আৰু সফলতাৰ অতৃপ্ত ক্ষুধাই তেওঁক আনতকৈ পৃথক কৰি তুলিছে। ভৱিষ্যতে যদি বৈভৱে সেই স্তৰত উপনীত হ’ব বিচাৰে তেন্তে প্ৰতিভাৰ লগতে একে ধৰণৰ মানসিক কঠোৰতাৰ প্ৰয়োজন হ’ব।

অৱশ্যে প্ৰশ্ন উত্থাপন হয়, ইমান কম বয়সৰ ক্ৰিকেটাৰ এজনক শচীন তেণ্ডুলকাৰ বা বিৰাট কোহলীৰ লগত তুলনা কৰাটো বৰ খৰখেদা হৈছে নেকি? ক্ৰিকেট ইতিহাসে কয় যে প্ৰায় প্ৰতিটো প্ৰজন্মৰ কিছুমান প্ৰতিভা থাকে যিয়ে পুৰণি অভিলেখ ভংগ কৰাৰ সপোন দেখে। কিন্তু সকলো ‘ৱাণ্ডাৰ বয়’য়ে অৱশেষত কিংবদন্তি হ’ব নোৱাৰে।

বৈভৱ সূৰ্য্যবংশীয়ে ডেল ষ্টেইনৰ ভৱিষ্যদ্বাণী কিমানখিনি সত্য বুলি প্ৰমাণ কৰিব পাৰিব? এতিয়া সেয়াই লক্ষ্যণীয়। অৱশ্যে ভাৰতীয় ক্ৰিকেটত তেওঁক কেন্দ্ৰ কৰি প্ৰত্যাশাৰ মাত্ৰা যে দিনক দিনে বাঢ়ি গৈ আছে তাত কোনো সন্দেহ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd