• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট জিলাত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

 মীনাক্ষী ফুকন,গোলাঘাট by মীনাক্ষী ফুকন,গোলাঘাট
October 29, 2021 6:32 pm
135
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাত কেঁচা চাহপাতৰ মূল্য ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰা বিষয়টো সন্দৰ্ভত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কেইবাটাও চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিৰ উপস্থিতিত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট জিলা সমিতি, উত্তৰ-পূৰ্বাঞ্চল চাহ সন্থা, এবিটা আৰু টি এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, যোৰহাটৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

বৈঠকত জিলাখনত কেঁচা চাহপাতৰ মূল্য ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰাৰ কাৰণসমূহ বিস্তৃতভাৱে পৰ্যালোচনা কৰাৰ অন্তত পৰিলক্ষিত হয় যে, আপত্তি বিহীনতাৰ প্ৰমাণপত্ৰ নথকা এজেন্টেও নীতি বৰ্হিভূতভাৱে অত্যধিক মাত্ৰাত ফেক্টৰীত কেঁচা চাহপাত যোগান ধৰাৰ ফলত চাহপাতৰ গুণগত মান হ্ৰাস পাই আহিছে ।

এজেন্টসকলে খেতিয়কসকলক ফেক্টৰীৰ মূল্য কমাৰ ফলতো কেঁচা চাহপাতৰ মূল্য হ্ৰাস পাই আহিছে বুলি আভুৱা ভাৰি অহাৰ অভিযোগ উত্থাপন কৰে চাহ খেতিয়ক সন্থাই ।

সভাত বিস্তৃত আলোচনাৰ অন্তত কেতবোৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই নিৰ্দেশ দিয়ে ।
সেই অনুসৰি কেঁচা চাহপাত যোগানকাৰী এজেন্টসকলে অহা সাত দিনৰ ভিতৰত প্ৰশাসনৰ পৰা আপত্তিবিহীনতাৰ প্ৰমাণ পত্ৰ (NOC) সংগ্ৰহ কৰিব লাগিব ।

প্ৰশাসনৰ পঞ্জীয়নকৃত আপত্তি বিহীনতাৰ প্ৰমাণপত্ৰ (NOC) নথকা এজেন্টে ফেক্টৰীত কেঁচা চাহপাত যোগান ধৰিব নোৱাৰিব । ফেক্টৰীৰ মালিকপক্ষয়ো আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ (NOC) নথকা এজেন্টৰ পৰা চাহপাত ক্ৰয় কৰিব নোৱাৰিব।

ৰাতি ৮ বজাৰ পিছত ফেক্টৰীয়ে কেঁচা চাহপাত লোৱা কাৰ্য বন্ধ কৰিব লাগিব ।

অন্যথা আইনমতে দণ্ডনীয় হব । জিলা উপায়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ লগতে কেইখনমান চাহবাগিচাৰ পৰিচালকসকল উপস্থিত আছিল ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd