• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰি বছৰ আগতে মৃত বুলি শেষকৃত্য সম্পন্ন কৰা অসমৰ মহিলা উদ্ধাৰ বাংলাদেশৰ ৰাজপথত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2019 11:56 am
Assam-Missing-Women-EPS

বাংলাদেশৰ মৌলবীবাজাৰ জিলাত বিচাৰি পোৱা ৰূপালী বাইলুং। (ইনছেটত নিৰুদ্দেশ হোৱাৰ আগৰ ৰূপালী)। ফটো : দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৃত্যু হোৱা বুলি বিশ্বাস কৰি এটা অচিনাক্ত মৃতদেহকে চাৰি বছৰ আগতে শেষকৃত্য সম্পন্ন কৰা এগৰাকী অসমীয়া মহিলা জীৱন্ত অৱস্থাত ঘুৰি ফুৰিছে বাংলাদেশৰ ৰাজপথত। নিউ ইণ্ডিয়া এক্সপ্ৰেছত প্ৰকাশ পাইছে এই বাতৰি।

ৰূপালী বাইলুং নামৰ ৪১ বছৰীয়া মহিলাগৰাকীক অসমীয়া নিউজ চেনেল এটাৰ কাৰ্যসূচীত ছবি দেখি পৰিয়ালৰ লোকে চিনাক্ত কৰে। অলপতে ইয়াত এগৰাকী বাংলাদেশী ফেচবুক ব্যৱহাৰকাৰী কিষান ভূমিজে প’ষ্ট কৰা ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল।

Apply Now

মানসিকভাৱে অসুস্থ মহিলাগৰাকী কেনেকৈ বাংলাদেশ পালে সেই বিষয়ে সকলোৱে অজ্ঞাত। তেওঁ দেশখনৰ মৌলবীবাজাৰ জিলাৰ ৰাজপথত প্ৰায়ে দিকবিদিক শূন্যভাৱে ঘুৰি ফুৰে আৰু মানুহে আগবঢ়োৱা খাদ্য গ্ৰহণ কৰি জীয়াই আছে।

বাতৰি অনুসৰি, বিগত ২০১৫ চনৰ মে’ মাহত অৰুণাচল প্ৰদেশৰ সীমান্তৰ অসমৰ ধেমাজি জিলাৰ তেওঁৰ কাষৰে এখন গাওঁ চিচিবৰগাঁৱৰ পৰা ৰূপালী নিৰুদ্দেশ হৈছিল। তেওঁ নিজৰ গাওঁখনৰ কাষতে অনুষ্ঠিত হৈ থকা এখন বিহু ফাংছনলৈ গৈছিল।

ৰূপালীৰ জ্যেষ্ঠ ভাতৃ যুগল বাইলুঙৰ উদ্ধৃতিৰে নিউ ইণ্ডিয়ান এক্সপ্ৰেছত কোৱা হৈছে, ‘’ যদিওৱা তাই মানসিকভাৱে সুস্থিৰ নাছিল, তথাপি তাই সদায় বাহিৰলৈ ওলাই গ’লে ঘৰলৈ উভতি আহিছিল। সেইদিনা, তাই যেতিয়া উভতি অহা নাছিল, আমি বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি চাইছিলো আৰু পাছত আৰক্ষীৰ ওচৰত নিৰুদ্দেশ হোৱাৰ বিষয়ে লিখিতভাৱে জনাইছিলো। কেইদিনমান পাছতে গাঁৱৰ লোকে এখন নদীৰ পাৰত এগৰাকী মহিলাৰ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰে আৰু আমি সকলোৱে সেইটো তাইৰে আছিল বুলি ভাবিছিলো। আমি মৃতদেহটো ঘৰলৈ লৈ আনি শেষকৃত্য সমাপন কৰিছিলো।‘’

অবিবাহিত ভনীয়েকগৰাকীয়ে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছতে অসুস্থ হৈ পৰাৰ কথা সদৰী কৰিছে যুগলে। তেওঁ তাইক ঘৰলৈ ওভতাই অনাৰ বাবে সহায় বিচাৰি জিলা প্ৰশাসন, স্থানীয় বিধায়ক তথা সাংসদৰ সৈতে যোগাযোগ কৰিছে। দুটাকৈ ভিডিঅ’ত দেখা মহিলাগৰাকী যে তেওঁৰেই ভনীয়েক ৰূপালী তাত অকণো সন্দেহ নাই বুলি যুগল বাইলুঙে জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে।‘’আন এখন দেশ জড়িত হৈ পৰা বাবে, আমি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক আহ্বান জনাম। মন্ত্ৰালয়ে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব,’’-তেওঁ কয়।

আনহাতে, ৰূপালীয়ে এতিয়াও অসমতেই থকা বুলি বিশ্বাস কৰে।

‘’মই বাংলাদেশৰ নাগৰিক নহয় আৰু মই বাংলাদেশলৈ যোৱা নাছিলো। আপুনি কিয় মুৰ্খৰ দৰে কথা কৈছে? এইখন ভাৰত। মই ভাৰতৰ নাগৰিক। জিলাখন হৈছে লখিমপুৰ(ধেমাজিৰ এখন চুবুৰীয়া জিলা),’’-এটা ভিডিঅ’ কৰা ব্যক্তিজনক খঙেৰে ৰূপালীয়ে এইদৰে কোৱা শুনা যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd