যোৰহাটত ৰহস্যজনক অৱস্থাত বিদ্যুৎ বিভাগৰ প্ৰাক্তন কৰ্মচাৰী এগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যোৰহাটৰ ভোগদৈ আৰক্ষী চকীৰ অন্তগত মেলেং পূজাৰী গাঁৱত আজি পুৱা উদ্ধাৰ হয় কৰ্মচাৰী জনৰ মৃতদেহ ।
মৃত ব্যক্তি জন মেলেং পূজাৰী গাঁৱৰ ভূৱন বৰা বুলি চিনাক্ত কৰা হৈছে।
কালি সন্ধিয়া ৪ মান বজাত চাইকেল লৈ ঘৰৰ পৰা ওলাই গৈছিল ব্যক্তি জন ।
তাৰ পিছৰে পৰা তেওঁ আৰু ঘৰলৈ উভতি অহা নাছিল।
মৃতদেহত স্পষ্ট আঘাতৰ চিন থকালৈ চাই কোনো লোকে তেওঁক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে মৃত ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জে এম চি লৈ প্ৰেৰণ কৰিছে ।
মৃত ভূৱন বৰা বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে l





