টীয়ক থানাৰ অন্তৰ্গত কাৱৈমাৰী মিচিং গাঁৱৰ সমীপৰ এখন বিলত আজি নীলা ছাট পৰিধান কৰা এক উৱলি যোৱা মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সম্প্ৰতি ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত সঘনাই মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জোকাৰি গৈছে যদিও শেহতীয়াকৈ টীয়কত হোৱা এনে কাণ্ডত আশ্চৰ্য প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ।
লগতে টীয়ক নগৰৰ পৰা প্ৰায় ৯ কিলোমিটাৰ নিলগৰ কাৱৈমাৰী অঞ্চলত এনেধৰনৰ অচিনাক্ত মৃতদেহৰ উদ্ধাৰ ঘটনাই অঞ্চলটোৰ লগতে টীয়কবাসীক চিন্তিত কৰি তুলিছে।
জানিব পৰা মতে আজি বিলত মাছ ধৰিবলৈ যোৱা স্হানীয় কেইজনমান লোকে পানীত ওপঙি থকা উৱলি যোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি টীয়ক আৰক্ষীক খবৰ দিয়ে ।
ঘটনাস্থলীত টীয়ক আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে যদিও সম্পুৰ্ণ ৰূপে উৱলি যোৱা মৃতদেহটো পৰি থকা বহু দিন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
মৃতদেহটো চিনাক্ত হোৱাৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ আশা কৰিছে প্ৰশাসনৰ লগতে স্থানীয় লোকে।