NORTHEAST NOW (Assamese)

চিতাৰ পৰাই নিশা মৃতদেহ উঠাই নিলে বোকাখাতত

October 5, 2018 7:45 pm · উত্তম শইকীয়া
Updated: October 5, 2018 7:55 pm
প্ৰতিনিধিত্বমূলক ফটো

পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ লোৱাৰ মুহূৰ্ততে বোকাখাতত আৰক্ষীয়ে শুকুৰবাৰে এটা মৃতদেহ চিতাৰ পৰা নমাই নিয়াকলৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷

বৃহস্পতিবাৰে নিশা মৃত্যু হোৱা বোকাখাতৰ বালিজান গাঁৱৰ ৰাতুল নাথ নামৰ লোকজনৰ মৃত্যু স্বাভাৱিক নহয় বুলি সন্দেহ কৰি আৰক্ষীয়ে তেওঁৰ মৃতদেহ চিতাৰ পৰা উঠাই আনি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে।

দুটা সন্তানৰ পিতৃ ৰাতুলৰ মৃত্যু ‘স্বাভাৱিক’ বুলি মাক ৰেণু নাথে আৰক্ষীক লিখিতভাৱে জনাইছে যদিও স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে।

সুৰাসক্ত ৰাতুলে মদ্যপান কৰি সদায় ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল আৰু ঘটনাৰ নিশা পৰিয়ালৰ কোনোবা সদস্যই ৰাতুলক বেয়াকৈ মাৰধৰ কৰা বুলি স্থানীয় লোকে অভিযোগ কৰিছে৷

আনহাতে ৰাতুলৰ মৃতদেহত আঘাতৰ চিনো লক্ষ্য কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে।

ইফালে পৰিয়ালৰ লোকে দাবী কৰে যে বৃহস্পতিবাৰে অসুস্হ ৰাতুলক বোকাখাতৰ চহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল৷ সূত্ৰ অনুসৰি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ৰাতুলক গোলাঘাটৰ চিকিৎসালয়লৈ নিয়াৰ বাবে পৰামৰ্শ দিছিল, কিন্তু শুকুৰবাৰেহে পৰিয়ালে তেওঁক গোলাঘাটলৈ নিয়াৰ পৰিকল্পনা কৰিছিল আৰু তাৰ পূৰ্বেই নিশা ৰাতুলে মৃত্যুক সাৱতি লয়৷

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে ঘটনাটো হত্যা নে সাধাৰণ মৃত্যু স্পষ্ট হ’ব বুলি জনাইছে আৰক্ষীয়ে৷

Related News