NORTHEAST NOW (Assamese)

তুৰস্কত ৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প; বিধ্বস্ত ঘৰ-বাৰী, বহু হতাহতৰ আশংকা

February 6, 2023 9:30 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো সৌজন্য: দ্য গাৰ্ডিয়ান।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে (USGS) জনাইছে যে সোমবাৰে পুৱতি নিশা ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই দক্ষিণ তুৰ্কীত আঘাত কৰে। ইয়াৰ পিছতে ৬.৭ প্ৰাবল্যৰ আন এটা শক্তিশালী ভূমিকম্পও অনুভুত হয়। বাতৰি অনুসৰি, সোমবাৰে পুৱা ৪:১৭ বজাত (স্থানীয় সময় অনুসৰি) ভূমিকম্পটোৱে দক্ষিণ-পূব তুৰ্কীক জোকাৰি গৈছিল।

ইউএছজিএছৰ মতে, প্ৰাৰম্ভিক ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল গাজিয়ানটেপ প্ৰদেশৰ নুৰদাগী চহৰৰ পৰা ২৬ কিলোমিটাৰ পূৱত ১৭.৯ কিলোমিটাৰ গভীৰতাত। দ্বিতীয় জোকাৰণিটো কেইমিনিটমান পিছত মধ্য তুৰ্কীত ৯.৯ কিলোমিটাৰ গভীৰতাত উৎপত্তি হয়।

অৱশ্যে, ক্ষতিৰ পৰিমাণ আৰু লোকৰ সংখ্যা সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। কিন্তু ছ’চিয়েল মিডিয়াত পোষ্ট আৰু ভিডিঅ’ৰ পৰা ধাৰণা কৰা কৰা হৈছে যে ভূমিকম্পৰ ফলত বহুলোক হতাহত হৈছে।

বাতৰিসমূহৰ মতে, তুৰস্কৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ আৰু প্ৰাদেশিক ৰাজধানী গাজিয়াটেপত ভূমিকম্পটো সংঘটিত হৈছিল। ই চিৰিয়াৰ সীমান্তৰ ওচৰত অৱস্থিত।

তুৰস্কৰ ওচমানিয়া প্ৰদেশৰ ৰাজ্যপালে জনাইছে যে ভূমিকম্পত প্ৰথমতে পাঁচজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে আৰু কমেও ৩৪ টা ঘৰ খহি পৰিছে।

উদ্ধাৰকাৰীসকলে ধ্বংসস্তূপৰ তলত বহু সংখ্যক লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰিছে। তেওঁলোকৰ মতে, ভূমিকম্পটো এনে এটা সময়ত সংঘটিত হৈছিল যেতিয়া বেছিভাগ লোক শুই আছিল। ফলস্বৰূপে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে।

আনহাতে, লেবানন, চাইপ্ৰাছ আৰু চিৰিয়াৰ দৰে দেশতো কম্পন অনুভৱ কৰা হৈছে। চিৰিয়াত ঘৰ খহি পৰাৰ খবৰ পোৱা গৈছে।

Related News