• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্তৰ ৰামঠগন! : স্থায়ী নিযুক্তি দিম বুলি প্ৰতিশ্ৰুতি দি চাকৰিৰ পৰা খেদালে কোভিড যোদ্ধাক

‘আমি এবাৰ ব্যৱহাৰ কৰা টিচু পেপাৰ নহয়’ NHM কাৰ্য্যালয়ত কোভিদ যোদ্ধাৰ প্ৰতিবাদ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 21, 2020 7:11 pm

2 min read

Protest 124
1.1k
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কোভিড যোদ্ধাক ৰামঠগন দিয়াৰ ঘটনা পোহৰলৈ আহিছে।

স্থায়ীভাৱে নিযুক্তি দিম বুলি আশ্বাস দি প্ৰায় ১৫০ গৰাকী বিভিন্ন ব্যক্তিগত চিকিৎসালয় বা প্ৰতিষ্ঠানৰ লেবৰেটৰী টেকনিচিয়ানক কামৰ পৰা বাহিৰ কৰি দিলে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে।

যোৱা ১১ নৱেম্বৰৰ দিনা ৰাজ্যৰ ৰাষ্ট্ৰীয় স্থাস্থ্য মিছনৰ সঞ্চালক ড০ লক্ষ্মণ এছে এক জাননী যোগে সাময়িকভাৱে নিযুক্তি দিয়া এডিশ্যনেল এইছ আৰসকলক কামৰ পৰা মুক্তি দিয়া হৈছে বুলি ঘোষণা কৰে।

ইপিনে, এইসকল নিযুক্তি হেৰুওৱা লেবৰেটৰী টেকনিচিয়ানক স্থায়ী নিযুক্তি দিয়া হ’ব বুলি সংবাদমেল পাতি ঘোষণা কৰিছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে।

সংবাদমেলত তেওঁ কোৱা কথাখিনি অসম্পাদিতৰূপত পাঠক ৰাইজলৈ তুলি ধৰিলো।

তেওঁ কৈছিল ‘আমাক এসপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ১৫০ গৰাকী লেবৰটেৰী টেকনিছিয়ানক নতুনকৈ চাকৰি দিব। আমি ৱাক ইন ইন্টাৰভিউ কৰি ল’ম। আৰু ১৫০ গৰাকীক আমি চাকৰি দিয়াৰ পাছত গুৱাহাটীৰ ৯০ টা এৰিয়া সভাত একোটাকৈ স্ক্ৰীণিং চেন্টাৰ স্থাপনৰ সিদ্ধান্ত লৈছো। যিসকলৰ নিযুক্তি হ’ব সেইসকলৰ স্থায়ী নিযুক্তি হ’ব আৰু তাৰ পাছত আমি আন কামত তেওঁলোকক ব্যৱহাৰ কৰিম।‘

কিন্তু এতিয়া ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে সম্পূৰ্ণ ওলোটা খৰ মাৰি এই লেবৰটেৰী টেকনিচিয়ানসকলৰ চাকৰিৰ পৰা চাটাই কৰাত ক্ষোভিত হৈ পৰিছে।

শনিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে লেবৰটেৰী টেকনিচিয়ানসকলে।

তেওঁলোকৰ এটাই শ্লোগান ‘আমি টিচু পেপাৰ নহয়, এবাৰ ব্যৱহাৰ কৰি দলিয়াই পেলাব।‘

প্ৰতিবাদত অংশগ্ৰহণ কৰা এগৰাকী প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় ‘আমাক নিযুক্তি দিয়াৰ সময়ত আশ্বাস দিছিল যে তিনি মাহৰ পাছত আমাক স্থায়ীভাৱে সংস্থাপন দিব। সেয়েহে আমি ভাল ভাল ব্যক্তিগত প্ৰতিষ্ঠান বা চিকিৎসালয়ত চাকৰি কৰি থকাসকলেও ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আহিছিলো।‘

‘আমি গেলা গৰমতো পিপিই কীট পৰিধান কৰি নিজৰ কৰ্তব্য পালন কৰিছিলো। হিমন্ত বিশ্ব শৰ্মা চাৰে আমাক নিযুক্তি দিয়াৰ সময়তে তিনিমাহৰ পাছত স্থায়ী নিযুক্তি দিম বুলি আশ্বাস দিছিল। কিন্তু আজি আমাক সঞ্চালক চাৰে মাতি আনি কৈছে যে তোমালোকক কামৰ পৰা ৰিলিজ দিয়া হ’ল। আমি ইন্টাৰভিউ দি নিযুক্তি পাইছিলো হিমন্ত বিশ্ব চাৰে নিজে আমাৰ সৈতে মিটিং অনুষ্ঠিত কৰি স্থায়ীভাৱে নিযুক্তি দিম বুলি কৈছিল। কিন্তু আজি আমাক চাকৰিৰ পৰা খেদালে।‘ এইদৰে কয় ভুক্তভোগী এগৰাকী লেব টেকনিচিয়ানে।

প্ৰশ্ন হয়, যদি প্ৰকৃততে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে স্থায়ীভাৱে নিযুক্তি দিব নোৱাৰে তেন্তে কিয় মিছা প্ৰলোভনৰে ১৫০ গৰাকী লেবৰেটৰী টেকনিচিয়ানক মাতি আনি কামত খটোৱালে?

কিয় কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পাছত তেওঁলোকক টিচু পেপাৰৰ দৰে ব্যৱহাৰ কৰি দলিয়াই পেলোৱা হ’ল বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd