• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত যোগদান কৰিব নেকি গুলাম নবী আজাদে, নতুন দল খোলাৰো ইংগিত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 26, 2022 7:04 pm
140
VIEWS
Share on FacebookShare on Twitter

ৰাহুল গান্ধীৰ বিৰুদ্ধে ‘ক্ষোভ’ উজাৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদে। তেওঁ কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে। শুকুৰবাৰে আজাদে ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰত নিজৰ ক্ষোভ উজাৰি দিছে।দল ত্যাগ কৰাৰ পিছত তেওঁ মন্তব্য কৰি কয়, “কংগ্ৰেছে দেশৰ বাবে যি ভাল সেয়া কৰাত ব্যৰ্থ হৈছে।”পাঁচ পৃষ্ঠাৰ পদত্যাগ পত্ৰত গোলাম নবীয়ে আজাদে লিখিছে, “সমগ্ৰ সাংগঠনিক নিৰ্বাচন প্ৰক্ৰিয়াটো এক প্ৰহসন। দেশৰ কোনো ঠাইতে সংগঠনটোৰ কোনো পৰ্যায়ত কোনো নিৰ্বাচন হোৱা নাই।‘’

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ তেওঁক লক্ষ্য কৰি প্ৰবীণ নেতাজনে কয় যে এই সকলোবোৰ ঘটিছে কাৰণ যোৱা আঠ বছৰত নেতৃত্ব দিয়া ব্যক্তিজন “অপৰিপক্ক”।পদত্যাগ পত্ৰত আজাদে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে তেওঁৰ “ঘনিষ্ঠ সম্পৰ্ক”ৰ কথাও উল্লেখ কৰে।গোলাম নবী আজাদে কেইদিনমান আগতে জম্মু আৰু কাশ্মীৰ প্ৰচাৰ সমিতি আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ পেনেলৰ পৰা পদত্যাগ কৰিছিল।

২০২০ চনৰ আগষ্টত দলৰ নিৰ্বাচন আৰু স্থায়ী সভাপতি নিযুক্তিৰ দাবীত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ চিঠি লিখা ২৩ জন নেতাৰ ভিতৰত আজাদো আছিল।কিছুদিন পূৰ্বে কংগ্ৰেছৰ ‘ক্ষুব্ধ’ গোটৰ নেতা হিচাপে পৰিচিত আনন্দ শৰ্মাই হিমাচল প্ৰদেশৰ ‘পৰ্যবেক্ষক সমিতি’ৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ কৰে। হিমাচল প্ৰদেশত নিৰ্বাচন আহি আছে। ইয়াৰ পূৰ্বে আনন্দ শৰ্মাৰ পদত্যাগে কংগ্ৰেছ শিবিৰত অস্থিৰতাৰ সৃষ্টি কৰিছে। জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কাশ্মীৰৰ ৰাজনীতিত নমাৰ উদ্দেশ্যে এটা নতুন দল আৰম্ভ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎকাৰত আজাদে দিয়া ভাষ্য অনুসৰি তেওঁ এতিয়া জম্মু-কাশ্মীৰৰ ৰাজনীতিত জড়িত হ’ব আৰু ৰাজ্যখনত নিজাকৈ এটা দল গঠন কৰিব।

তাৰ পাছতহে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিৰ কথা চিন্তা কৰিব বুলি জেষ্ঠ নেতাগৰাকীয়ে উল্লেখ কৰে।চলিত বছৰৰ শেষৰ ফালেই জম্মু আৰু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আজাদৰ ঘনিষ্ঠ সূত্ৰই ইতিমধ্যে জম্মু আৰু কাশ্মীৰ নিৰ্বাচনৰ পূৰ্বেই নতুন দল গঠনৰ ইঙ্গিত দিছে।উল্লেখ্য যে গুলাম নবী আজাদে কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰ কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ পদ ত্যাগ কৰাৰ পিছতে ক্ষোভ প্ৰকাশ আজি দল ত্যাগ কৰে।পৰৱৰ্তী সময়ত কি কৰিব? এয়া এতিয়া বহুতৰে বাবে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ উঠিছে। তেওঁৰ ৰাজনৈতিক ভৱিষ্যত কি হ’ব?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আজাদৰ এটা ভাল ব্যক্তিগত সম্পৰ্ক আছে। ৰাজ্যসভাত প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীৰ বিদায় অভ্যৰ্থনাৰ দিনা প্ৰধানমন্ত্ৰীৰ চকুত চকুপানী দেখা গৈছিল। মোদীয়ে এইবুলিও ইংগিত দিছিল যে সুযোগ পালে তেওঁ আজাদক সংসদলৈ ঘূৰাই আনিব। কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ‘পদ্ম’ বঁটা প্ৰদান কৰিছিল। চৰকাৰে আজাদৰ ক্ষেত্ৰত অভূতপূৰ্ব উদাৰতা দেখুৱাইছে ।

আজাদে ৰাহুল গান্ধী আৰু কংগ্ৰেছক সমালোচনা কৰাৰ পৰা বহুতে তেওঁ কংগ্ৰেছৰ বিপৰীত মেৰুত থকা দলটোত যোগদান কৰিব বুলিও ধাৰণা কৰিছে। শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা হাৰিয়ানাৰ নেতা কুলদীপ বিষ্ণোই একেই সম্ভাৱনাৰ কথাই আজি উল্লেখ কৰে। আজাদ কেইদিনমান আগতে কংগ্ৰেছৰ হাৰিয়ানাৰ পৰ্যবেক্ষক আছিল। স্বাভাৱিকতে তেওঁ কুলদীপ বিষ্ণোইৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল।

আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে বিষ্ণোই কয়, “কংগ্ৰেছ এতিয়া আত্মহত্যা কৰাৰ পথত আছে। আজাদ এজন ভাল গণ নেতা। বিজেপিত যোগদানৰ বিষয়ত মই তেওঁৰ সৈতে কথা পাতিব পাৰো আৰু তেওঁক বিজেপিত যোগদান কৰোৱাবলৈ চেষ্টা কৰিব পাৰো।”

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd