NORTHEAST NOW (Assamese)

কেঁচু খান্দোতে ওলাইছে সাপ! ড্ৰাগছ কাণ্ডত এন চি বিৰ নজৰত এইবাৰ দীপিকা পাডুকন

September 22, 2020 9:43 am · এন ই নাও নিউজ
দীপিকা পাডুকন।

কেঁচু খান্দোতে ওলাইছে সাপ! ড্ৰাগছ তদন্তত পোহৰলৈ আহিছে এটাৰ পাছত আন এটাৰ নাম। নাৰক’টিকছ ব্যুৰোই ইয়াৰ পূৰ্বে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃক গ্ৰেপ্তাৰ কৰিছে।

এইবাৰ নাৰক’টিছ ব্যুৰোৰ নজৰত পৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ নাম।

ৰিয়া চক্ৰৱৰ্তীৰ হোৱাটছএপক লৈ কৰা তদন্তত বিষয়াসকলে জয়া সাহা নামৰ এগৰাকী মহিলাৰ সৈতে ৰিয়া চ্যাট কৰা ধৰা পৰে। ৰিয়াই মহিলাগৰাকীৰ সৈতে ড্ৰাগছৰ বিষয়ে কথা পাতিছিল।

জয়া সাহাৰ হোৱাটছএপ গ্ৰুপত এনে দুগৰাকী ব্যক্তি দেখা গৈছে যাৰ নাম ‘D’ আৰু ‘K’. ইয়াৰে ‘D’ দীপিকা আৰু ‘K’ কৰিশ্মা বুলি চিনাক্ত কৰা হৈছে।

কৰিশ্মা হৈছে এটা টেলেন্ট মেনেজমেন্ট এজেন্সিৰ কৰ্মী তথা তেওঁক দীপিকা পাডুকনৰ মেনেজাৰ বুলিও জনা যায়।

কৰিশ্মাক মঙলবাৰেই নাৰক’টিকছ ব্যুৰোই তলব কৰিছে।

আনহাতে, বাতৰি অনুসৰি এই সপ্তাহতেই দীপিকাকো তলব কৰা হ’ব পাৰে।

হোৱাটছএপ চ্যাটত দীপিকাই এক বিশেষ ড্ৰাগছ বিচাৰিছিল আৰু সেই লৈ বাৰ্তালাপ চলিছিল।

ড্ৰাগছ কাণ্ডৰ তদন্তত দীপিকাৰ উপৰি ইতিমধ্যে শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলী খানৰ নামো পোহৰলৈ আহিছে।

তেওঁলোকে সুশান্ত সিং ৰাজপুতৰ সৈতে পুনেৰ ওচৰৰ এটা আইলেণ্ডত পাৰ্টি কৰিবলৈ গৈছিল।

ছাৰা আলী খান, ৰকুল প্ৰীত সিং আৰু ছিমেন খামবাট্টাই ড্ৰাগছ লোৱা বুলি ৰিয়া চক্ৰৱৰ্তীয়ে জেৰাত প্ৰকাশ কৰিছিল।

ৰিয়াৰ গোচৰৰ তদন্ত কৰিবলৈ গৈ তদন্তকাৰী বিষয়াসকলে আন্তৰ্জাতিক চক্ৰৰ সংযোগো বিচাৰি পাইছে।

Related News