• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এন জি টিৰ নিৰ্দেশ অৱমাননা! সোণাই-ৰূপাই অভয়াৰণ্যত ২৪০০ বেদখলকাৰীক সংস্থাপনৰ পৰিকল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2025 12:39 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোণিতপুৰ জিলাৰ মাজমজিয়াত অৱস্থিত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য যি এসময়ত হাতী, বাঘ আৰু অগণন চৰাইৰ প্ৰজাতিৰ এক সমৃদ্ধিশালী আশ্ৰয়স্থল আছিল এতিয়া বেদখলকাৰীৰ হাতত গতাবলৈ আগবাঢ়িছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ (NGT) তদন্ত চলি থকাৰ পাছতো অসম চৰকাৰে অভয়াৰণ্যখনৰ লগতে চুবুৰীয়া চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে বসবাস কৰা ২৪০০ৰো অধিক লোকক ভূমি প্ৰদানৰ পৰিকল্পনা হাতত লৈছে।

উল্লেখ্য যে ২২ হাজাৰ হেক্টৰ বিস্তৃত এই অভয়াৰণ্যখনে ইতিমধ্যে বেদখলৰ ফলত প্ৰায় ১০ হাজাৰ হেক্টৰ মাটি হেৰুৱাইছে। চাৰিদুৱাৰ, বালিপাৰা আৰু অন্যান্য সংৰক্ষিত বনাঞ্চলকে ধৰি সমগ্ৰ অঞ্চলটোত এতিয়া ৫০,২৪১ হেক্টৰ বা সংৰক্ষিত বনাঞ্চলৰ ৬৯% ভূমি বেদখল কৰা হৈছে। ইয়াৰ ফলত মানুহ-হাতীৰ সংঘাত তীব্ৰতৰ হৈ আহিছে, কাৰণ প্ৰাকৃতিক আশ্ৰয়স্থল হেৰুৱাই বন্যপ্ৰাণীবোৰে গাঁও আৰু কৃষিভূমিত বিচৰণ কৰিবলৈ বাধ্য হৈছে।

Apply Now

জলসিঞ্চন আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংঘলৰ সমৰ্থনত চৰকাৰৰ এই পৰিকল্পনাই সচেতন মহলক শংকিত কৰি তুলিছে। বিশেষকৈ, সিংঘলৰ গৃহ সমষ্টি ঢেকিয়াজুলিত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন ওচৰ চাপি অহাৰ সময়তে চৰকাৰৰ এনে সিদ্ধান্তক সমালোচকসকলে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে।

২০২৫ চনৰ জুন মাহত ৰাজ্যখনে সোণাই-ৰূপাইৰ ভিতৰৰ ১৮ খন বনাঞ্চল গাঁও বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত (BTC) অন্তৰ্ভুক্ত কৰি দশক দশক ধৰি চলি থকা বেদখলক বৈধতা প্ৰদান কৰা বুলি মত প্ৰকাশ কৰিছে সংৰক্ষণবিদ দিলীপ নাথে।

লক্ষ্যণীয় যে ২০২২ চনত চৰকাৰে ৭২ খন গাঁৱৰ ১৩০০ৰো অধিক লোকক বন অধিকাৰ আইন (FRA), ২০০৬-ৰ অধীনত মাটি প্ৰদান কৰিছিল, য’ত ২০০৫ চনৰ ডিচেম্বৰৰ আগতে বনাঞ্চলত বাস কৰা লোকসকলক বসতি স্থাপনৰ অনুমতি দিয়া হৈছিল। কিন্তু তথ্য অনুসৰি সোণাই-ৰূপাইত বেদখল ২০০২ চনৰ আশেপাশে আৰম্ভ হৈছিল, যাৰ ফলত বহু দাবীৰ বৈধতাক লৈ সন্দেহৰ আঙুলি উঠিছে।

২০২৩ চনত এন জি টিলৈ দিলীপ নাথে দিয়া আবেদনত চৰকাৰে অভয়াৰণ্যখনৰ ভিতৰত বিদ্যালয়, পথ, ভোটকেন্দ্ৰ, আনকি চাহ বাগিচা পাতিবলৈ অনুমতি দি বন (সংৰক্ষণ) আইন, ১৯৮০ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ “এয়া উন্নয়ন নহয়। ৰাজনৈতিক লাভালাভৰ বাবে আমাৰ বনাঞ্চল ধ্বংস কৰা” বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

এন জি টিয়ে বাৰে বাৰে চৰকাৰৰ পৰা উত্তৰ দাবী কৰি আহিছে। ২০২৪ চনৰ আগষ্ট মাহত ৰাজ্যখনৰ বন বিভাগৰ পৰা জাৰি কৰা শপতনামাত স্বীকাৰ কৰা হৈছে যে সমগ্ৰ অঞ্চলটোত প্ৰায় ৩ লাখ লোকে বনভূমি বেদখল কৰিছে। তথাপিও অসম চৰকাৰ বা পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়েও এই সংকটৰ সমাধানৰ বাবে স্পষ্ট পৰিকল্পনা আগবঢ়োৱা নাই।

২০২৪ চনৰ নৱেম্বৰ মাহত ন্যায়াধিকৰণে মন্ত্ৰালয়ৰ অস্পষ্ট সঁহাৰিক তীব্ৰ সমালোচনা কৰিছিল আৰু মন্ত্ৰালয়ক ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত বিশদ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল, তাৰ পিছত পুনৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব। আইনী যুদ্ধৰ সূচনা হোৱাৰ লগে লগে এন জি টিৰ হস্তক্ষেপে চৰকাৰৰ এই পৰিকল্পনা স্তব্ধ কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন ৰাইজে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd