• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পশ্চিমবংগত ৯০ লাখ ভোটাৰৰ নাম কৰ্তন : বেছিকৈ ভোট কৰ্তন হোৱা সমষ্টি সমূহতেই জয়ী হ’ল বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:23 am
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ সময়ত পশ্চিমবংগত ৯০ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা বিষয়টোৱে এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে। এইবাৰৰ বিধানসভা নিৰ্বাচনত মমতা বেনার্জীৰ নেতৃত্বত চলি থকা ১৫ বছৰীয়া তৃণমূল চৰকাৰৰ পতন ঘটিছে আৰু বিজেপি ক্ষমতায়নলৈ আহিছে। নিৰ্বাচন আয়োগে মৃত আৰু ভুৱা ভোটাৰৰ নাম আঁতৰাবলৈ যি বিশেষ সংশোধনী প্রক্রিয়া চলাইছিল, তাৰ জৰিয়তে শেষ মুহূর্তত প্রায় ৯০ লাখ লোকৰ নাম বাদ দিয়া হৈছিল। তৃণমূল কংগ্ৰেছে আৰম্ভণিৰ পৰাই এই প্রক্রিয়াক পক্ষপাতদুষ্ট বুলি অভিযোগ কৰি আহিছিল।

তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰায় ৫০খন আসনত নিৰ্বাচন আয়োগে অযোগ্য ঘোষণা কৰা ভোটাৰৰ সংখ্যা জয়ৰ ব্যৱধানতকৈ বহুত বেছি আছিল। আনকি যিবোৰ ভোটাৰৰ তথ্য এতিয়াও পৰীক্ষা চলি আছে, সেই সংখ্যাও এই আসনবোৰত থকা জয়ৰ পাৰ্থক্যতকৈ বেছি। ২৫ হাজাৰতকৈ অধিক ভোটাৰৰ নাম বাদ পৰা ১৪৭খন আসনৰ ভিতৰত ৯৫খনতে বিজেপি জয়ী হৈছে। আনহাতে তৃণমূল কংগ্ৰেছে তেনেকুৱা আসনৰ ভিতৰত মাত্র ৫১খনতহে জয় লাভ কৰিবলৈ সক্ষম হৈছে।

Apply Now

যিবোৰ আসনত ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ পৰ্যন্ত ভোটাৰৰ নাম বাদ পৰিছিল, তেনে ৬৭খন আসনৰ ভিতৰত ৪৭খনতে বিজেপি জিকিছে। ৫ হাজাৰৰ পৰা ১৫ হাজাৰ ভোটাৰৰ নাম কৰ্তন হোৱা ৬২খন আসনৰ ভিতৰত ৫০খনতে বিজেপি ফুলিছে। আনকি ৫ হাজাৰতকৈ কম নাম বাদ পৰা ১৩খন আসনৰ আটাইকেইখনতে বিজেপিৰ প্রার্থী জয়ী হৈছে। এই পৰিসংখ্যাই স্পষ্ট কৰি দিছে যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা বিষয়টোৱে নিৰ্বাচনৰ ফলাফলত এক ডাঙৰ ভূমিকা লৈছে।

জিলা ভিত্তিত চালে দেখা যায় যে মুৰ্ছিদাবাদত আটাইতকৈ বেছি ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। তাত ৪ লাখ ৫৫ হাজাৰৰো অধিক ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। ইয়াৰ পিছতে আছে উত্তৰ ২৪ পৰগনা আৰু মালদহ জিলা। ২০২১ চনৰ নিৰ্বাচনত মুৰ্ছিদাবাদৰ ২২খন আসনৰ ২০খনতে তৃণমূল জিকিছিল, কিন্তু এইবাৰ তেওঁলোকৰ আসন মাত্ৰ ৯খনলৈ হ্ৰাস পাইছে। উত্তৰ ২৪ পৰগনা জিলাতো তৃণমূলৰ আসন ২৮খনৰ পৰা কমি এইবাৰ ৮খন হৈছে। বেছিভাগ আসনতে বিজেপিৰ জয় যাত্ৰা দেখা গৈছে।

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ প্ৰভাৱ কেইখনমান আসনত অতি স্পষ্টকৈ দেখা গৈছে। দক্ষিণ বংগৰ চাঁপদানি সমষ্টিত বিজেপিৰ দিলীপ সিংহে মাত্র ১৩টা ভোটত জয়ী হৈছে, কিন্তু সেই আসনখনত ৭ হাজাৰ ৬০০তকৈ অধিক ভোটাৰৰ নাম বাদ পৰিছিল। কৰণদিঘি আসনতো বিজেপিৰ বিৰাজ বিশ্বাসে ১৯ হাজাৰ ভোটৰ ব্যৱধানত জিকিছে যদিও তাত ৩১ হাজাৰৰো অধিক ভোটাৰৰ নাম অযোগ্য বুলি ধৰা হৈছিল। জংগীপুৰতো একেই অৱস্থা দেখা গৈছে য’ত জয়ৰ ব্যৱধানতকৈ বাদ পৰা ভোটাৰৰ সংখ্যা বহুত বেছি।

আনকি উত্তৰ বংগৰ দিনহাটাৰ পৰা দাৰ্জিলিং লৈকে সকলোতে একেই ছবি দেখা গৈছে। বালি সমষ্টিত জয়ৰ ব্যৱধান ৪ হাজাৰ ৬০০ হ’লেও তাত ১১ হাজাৰৰো অধিক ভোটাৰৰ নাম পৰীক্ষাৰ অধীনত আছিল। তৃণমূল কংগ্ৰেছ জিকি অহা লালগোলা বা সুতিৰ দৰে সমষ্টিতো হাজাৰ হাজাৰ ভোটাৰৰ নাম বাদ পৰাৰ ঘটনা ঘটিছে। লালগোলাত ১৯ হাজাৰ ভোটৰ ব্যবধানত তৃণমূল জিকিছে যদিও তাত ৫৫ হাজাৰতকৈ অধিক নামৰ পৰীক্ষা এতিয়াও শেষ হোৱা নাই। এই সকলোবোৰ তথ্যই ইংগিত দিয়ে যে ভোটাৰ তালিকাৰ পৰা বৃহৎ সংখ্যক নাম বাদ পৰা বিষয়টোৱে পশ্চিমবংগৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd