‘বিজেপিত যোগ দিলে…’, পুনৰ গুৰুতৰ অভিযোগ তুলি কেজৰিৱালে ক’লে, `কেতিয়াও নিদিও’

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল। ফাইল ফটোঃ সংগ্ৰহীত।

বাৰে বাৰে আম আদমী পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদানৰ প্ৰস্তাৱ দিয়া হৈছে। দেওবাৰে এই দাবী কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে। বিজেপিয়ে বিধায়ক ক্ৰয় কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি আইনী সমস্যাত লিপ্ত হৈছে কেজৰিৱাল। তাৰমাজতে এয়া আন এক বিস্ফোৰক দাবী।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ দাবী কৰিছিল যে বিজেপিয়ে তেওঁৰ দল (আম আদমী পাৰ্টি)ৰ পৰা বিধায়ক ক্ৰয় কৰিবলৈ চেষ্টা কৰিছে। বিজেপিয়ে ৭ জন বিধায়কৰ সৈতে যোগাযোগ কৰি ২৫ কোটি টকাকৈ দিয়াৰ প্ৰলোভন আগবঢ়াইছে।

লগতে পঢ়কঃ বিজেপি চৰকাৰ মাথো ইভেন্ট মেনেজমেণ্ট আৰু এটেনচন মেনেজমেণ্টৰ চৰকাৰ – সাংসদ গৌৰৱ গগৈ। 

কেজৰিৱালৰ এই দাবীৰ পিছতে বিজেপিয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। যোৱা শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে এই গোচৰৰ জাননী দিবলৈ দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ কেজৰিবাল আৰু দিল্লীৰ মন্ত্ৰী আতিশীৰ ঘৰলৈ গৈছিল। তিনিদিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে।

আইনী সমস্যাত লিপ্ত হৈও কেজৰিৱালে বিজেপিক আক্ৰমণ কৰা বন্ধ কৰা নাই। দেওবাৰে দিল্লীৰ ৰোহিনীত এখন বিদ্যালয় উদ্বোধন কৰাৰ সময়তো বিজেপিক আক্ৰমণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘তেওঁলোকে (বিজেপি) যি বিচাৰে তাকে কৰিব পাৰে। আমাৰ একো নহয়। মই তেওঁলোকৰ আগত মূৰ তল নকৰো। তেওঁলোকে কৈছে বিজেপিলৈ আহক, আমি আপোনাক হাৰাশাস্তি নকৰো। নাই, একেবাৰেই নহয়। মই একেবাৰে বিজেপিত যোগদান নকৰো। আৰু আমি কি অপৰাধ কৰিছো যে তেওঁলোকে আমাক ক্ষমা কৰিব?”

লগতে পঢ়কঃ বিজেপিয়ে খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি নি পুঁজিপতিক দান কৰে : ঝাৰখণ্ডত ৰাহুল গান্ধী

ইমানতে ক্ষান্ত হোৱা নাই কেজৰিৱাল। তেওঁ লগতে উভতি ধৰি কয়, “আমি বিদ্যালয়, চিকিৎসালয়, ৰাস্তা-ঘাটৰ উন্নয়নৰ কাম কৰি আছো… আমাৰ ভুল ক’ত?”