NORTHEAST NOW (Assamese)

দিল্লী বিধানসভা নিৰ্বাচনঃ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰৱেশ বাৰ্মা আৰু আতিশীৰ বিৰুদ্ধে ৰমেশ বিধুৰীক প্ৰক্ষেপ বিজেপিৰ

January 4, 2025 5:00 pm · নৰ্থ ইষ্ট নাও অসমীয়া, গুৱাহাটী
Updated: January 4, 2025 2:35 pm

দিল্লী বিধানসভাৰ নির্বাচনত প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিৰ প্রার্থী পশ্চিম দিল্লীৰ প্রাক্তন সাংসদ প্রৱেবার্মাক প্ৰক্ষেপ কৰা হৈছে৷ আম আদমী পাৰ্টিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে নতুন দিল্লীৰ পৰা তেওঁক প্ৰক্ষেপ কৰিছে বিজেপিয়ে। শনিবাৰে দলটোৱে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হবলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।

প্ৰৱেশৰ উপৰিও দক্ষিণ দিল্লীৰ প্ৰাক্তন সাংসদ ৰমেশ বিধুৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী। কলকাজী কেন্দ্ৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইউ পিৰ প্ৰাক্তন মন্ত্ৰী কৈলা গেহলটক তেওঁৰ খাষ্টালুক নাজাফগড়ৰ পৰিৱৰ্তে বিজৱাছানৰ পৰা প্ৰক্ষেপ কৰা হৈছে। গান্ধীনগৰৰ বিধায়ক অনিল বাজপেয়ীক এইবাৰ দলে দিয়া নাই টিকট। তেওঁৰ ঠাইত মনোনীত হৈছে দিল্লী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰবিন্দৰ সিং লাভলীক।

ইয়াৰ পূৰ্বে আম আদমী পাৰ্টিয়ে কেউখন ৭০খন আসনত প্ৰাৰ্থী ঘোষণা কৰিছিল। কংগ্ৰেছে এতিয়াও ২১খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। এইবাৰ বিজেপিয়ে আন দল এৰি যোৱা নেতাক মনোনীত কৰিছে। উদাহৰণ স্বৰূপে কৈলাস গেহলটৰ বাহিৰে ইউ পিৰ প্ৰাক্তন মন্ত্ৰী ৰাজকুমাৰ আনন্দক টিকট দিয়া হৈছে। নতুন দিল্লীৰ আসনত এই নিৰ্বাচনত কটকটীয়া যুঁজৰ সম্ভাৱনা। কাৰণ কংগ্ৰেছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিতক মনোনীত কৰিছে।

ইয়াৰ পূৰ্বে প্ৰৱেবাৰ্মাৰ বিৰুদ্ধে ইউ পিৰ ভোটাৰক ধন বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহাব সিং বাৰ্মাৰ পুত্ৰৰ বিৰুদ্ধে ইডিত এজাহাৰ দাখিল কৰিছে। ধন বিতৰণৰ অভিযোগ অৱশ্যে স্পষ্টভাৱে প্ৰৱেশ অস্বীকাৰ কৰিছে। ইউ পিৰ প্ৰাক্তন মন্ত্ৰী ৰাজকুমাৰ আনন্দক পেটেল নগৰৰ পৰা বিজেপিয়ে টিকট দিছে। মন কৰিবলগীয়া যে গেহলটে আগতে নিজকে কেজৰিৱালৰ হনুমান বুলি প্ৰচাৰ কৰিছিল।ইপিনে তেওঁ দল এৰি যোৱা নৱেম্বৰ মাহত বিজেপিত যোগদান কৰে।

Related News