• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লী বিধানসভা নিৰ্বাচনঃ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰৱেশ বাৰ্মা আৰু আতিশীৰ বিৰুদ্ধে ৰমেশ বিধুৰীক প্ৰক্ষেপ বিজেপিৰ

নৰ্থ ইষ্ট নাও অসমীয়া, গুৱাহাটী by নৰ্থ ইষ্ট নাও অসমীয়া, গুৱাহাটী
January 4, 2025 5:00 pm
213
VIEWS
Share on FacebookShare on Twitter

দিল্লী বিধানসভাৰ নির্বাচনত প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিৰ প্রার্থী পশ্চিম দিল্লীৰ প্রাক্তন সাংসদ প্রৱেশ বার্মাক প্ৰক্ষেপ কৰা হৈছে৷ আম আদমী পাৰ্টিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে নতুন দিল্লীৰ পৰা তেওঁক প্ৰক্ষেপ কৰিছে বিজেপিয়ে। শনিবাৰে দলটোৱে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।

প্ৰৱেশৰ উপৰিও দক্ষিণ দিল্লীৰ প্ৰাক্তন সাংসদ ৰমেশ বিধুৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী। কলকাজী কেন্দ্ৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইউ পিৰ প্ৰাক্তন মন্ত্ৰী কৈলাস গেহলটক তেওঁৰ খাষ্টালুক নাজাফগড়ৰ পৰিৱৰ্তে বিজৱাছানৰ পৰা প্ৰক্ষেপ কৰা হৈছে। গান্ধীনগৰৰ বিধায়ক অনিল বাজপেয়ীক এইবাৰ দলে দিয়া নাই টিকট। তেওঁৰ ঠাইত মনোনীত হৈছে দিল্লী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰবিন্দৰ সিং লাভলীক।

ইয়াৰ পূৰ্বে আম আদমী পাৰ্টিয়ে কেউখন ৭০খন আসনত প্ৰাৰ্থী ঘোষণা কৰিছিল। কংগ্ৰেছে এতিয়াও ২১খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। এইবাৰ বিজেপিয়ে আন দল এৰি যোৱা নেতাক মনোনীত কৰিছে। উদাহৰণ স্বৰূপে কৈলাস গেহলটৰ বাহিৰে ইউ পিৰ প্ৰাক্তন মন্ত্ৰী ৰাজকুমাৰ আনন্দক টিকট দিয়া হৈছে। নতুন দিল্লীৰ আসনত এই নিৰ্বাচনত কটকটীয়া যুঁজৰ সম্ভাৱনা। কাৰণ কংগ্ৰেছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিতক মনোনীত কৰিছে।

ইয়াৰ পূৰ্বে প্ৰৱেশ বাৰ্মাৰ বিৰুদ্ধে ইউ পিৰ ভোটাৰক ধন বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহাব সিং বাৰ্মাৰ পুত্ৰৰ বিৰুদ্ধে ইডিত এজাহাৰ দাখিল কৰিছে। ধন বিতৰণৰ অভিযোগ অৱশ্যে স্পষ্টভাৱে প্ৰৱেশে অস্বীকাৰ কৰিছে। ইউ পিৰ প্ৰাক্তন মন্ত্ৰী ৰাজকুমাৰ আনন্দক পেটেল নগৰৰ পৰা বিজেপিয়ে টিকট দিছে। মন কৰিবলগীয়া যে গেহলটে আগতে নিজকে কেজৰিৱালৰ হনুমান বুলি প্ৰচাৰ কৰিছিল।ইপিনে তেওঁ দল এৰি যোৱা নৱেম্বৰ মাহত বিজেপিত যোগদান কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd