• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ পাৰমাণৱিক শক্তিৰ খনিকৰস্বৰূপ ৰাজগোপাল চিদাম্বৰমৰ মৃত্যুঃ ৮৮ বছৰ বয়সত দেহাৱসান পদাৰ্থবিজ্ঞানীজনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2025 6:38 pm
286
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ অন্যতম পৰীক্ষামূলক পাৰমাণৱিক বোমা বিস্ফোৰণৰ বিশেষজ্ঞ অভিযন্তা তথা পদাৰ্থবিজ্ঞানী ৰাজগোপাল চিদাম্বৰমৰ মৃত্যু। তেওঁৰ বয়স আছিল ৮৮ বছৰ। শনিবাৰে পুৱা মুম্বাইৰ যশলক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ভাৰতৰ বিশিষ্ট বিজ্ঞানীগৰাকীৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে বিজ্ঞান সমাজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰে।

শনিবাৰে পাৰমাণৱিক শক্তি বিভাগে এক অধিসূচনা জাৰি কৰি তেওঁৰ মৃত্যুৰ বিষয়ে অৱগত কৰে। কোৱা হৈছে, “শনিবাৰে বিয়লি ৩:৩০ বজাত ভাৰতৰ বিশিষ্ট বিজ্ঞানী ৰাজগোপাল চিদাম্বৰমৰ মৃত্যু হয়। ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিৰ সাধনাত তেওঁৰ দূৰদৰ্শী নেতৃত্ব চিৰদিন স্মৰণীয় হৈ থাকিব।”

তেওঁৰ জন্ম ১৯৩৬ চনত। চেন্নাইৰ প্ৰেচিডেন্সি কলেজ আৰু বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সত অধ্যয়ন কৰিছিল। ১৯৭৪ আৰু ১৯৯৮ চনত পোখৰাণত পাৰমাণৱিক পৰীক্ষাত চিদাম্বৰমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৯০ চনত ভৱে পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক হয়। ইয়াৰ পাছত ১৯৯৩ চনত ভাৰতীয় পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। ১৯৯৪-৯৫ চনত আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ গভৰ্ণৰ ব’ৰ্ডৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। চিদাম্বৰম ২০০১ চনৰ পৰা ২০১৮ চনলৈ ভাৰত চৰকাৰৰ মুখ্য বিজ্ঞান উপদেষ্টা আছিল। পাৰমাণৱিক গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৭৫ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৯৯ চনত ‘পদ্ম বিভূষণ’ বঁটা প্ৰদান কৰে।

চিদাম্বৰমৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়, ‘বিজ্ঞানী ৰাজগোপাল চিদাম্বৰমৰ মৃত্যুত আমি দুখী। তেওঁ ভাৰতৰ পাৰমাণৱিক গৱেষণাৰ অন্যতম অভিযন্তা আছিল। ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য। দেশৰ প্ৰতিজন নাগৰিকৰ হৃদয়ত তেওঁক চিৰদিন স্মৰণ কৰি থাকিব। তেওঁৰ চিন্তাধাৰাই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।”

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd