এগৰাকী গৃহিণীৰ কামে তেওঁৰ উপাৰ্জনকাৰী সংগীক ভালদৰে কাম কৰাত সহায় কৰে। উপাৰ্জনহীন পত্নী এলেহুৱা বুলি কৰা ধাৰণাটো এটা মিথ। সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে এক বিবাহ বিচ্ছেদ আৰু ভৰণ-পোষণৰ গোচৰত এই পৰ্যবেক্ষণ কৰে।
ন্যায়াধীশ স্বৰ্ণ কান্তৰ পৰ্যবেক্ষণ, “উপাৰ্জন কৰাৰ ক্ষমতা আৰু প্ৰকৃত উপাৰ্জন দুটা বেলেগ ধাৰণা। তদুপৰি উপাৰ্জন ক্ষমতাৰ বাবে ৰক্ষণাবেক্ষণৰ দাবীক অস্বীকাৰ কৰিব নোৱাৰি।”
আদালতৰ সূত্ৰ অনুসৰি ২০১২ চনত এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হয়। স্বামীয়ে দাবী কৰে যে তেওঁৰ পত্নীয়ে ২০২০ চনত তেওঁক আৰু নাবালক পুত্ৰক এৰি থৈ গৈছিল। ইয়াৰ পিছত নিম্ন আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰা হয়।
নিম্ন আদালতে মহিলাগৰাকীক ভৰণ-পোষণ দিবলৈ অস্বীকাৰ কৰে। যিহেতু তেওঁ শিক্ষিত আৰু কাম কৰিবলৈ সক্ষম, সেয়েহে ন্যায়াধীশে তেওঁক এলাহ বাদ দি চাকৰি বিচাৰিবলৈও পৰামৰ্শ দিছিল।
এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়লৈ গৈছিল মহিলাগৰাকী। ন্যায়াধীশ স্বৰ্ণ কান্তৰ বিচাৰপীঠৰ সন্মুখত এই গোচৰটো উত্থাপন হয়। শুনানিৰ অন্তত আদালতে পৰ্যবেক্ষণ কৰে যে পত্নীৰ নিবনুৱা সমস্যাক এলাহৰ সৈতে তুলনা কৰিব নোৱাৰি। এগৰাকী মহিলাই উপাৰ্জন নকৰিলেও পৰিয়াললৈ তেওঁৰ সামগ্ৰিক অৱদান উল্লেখযোগ্য, আৰু নেপথ্যৰ পৰা তেওঁৰ সংগীক ধন উপাৰ্জন কৰাত সহায় কৰাৰ বিষয়বোৰ বিবেচনাৰ যোগ্য।
ইয়াৰ পিছত ন্যায়াধীশ স্বৰ্ণ কান্তে কয় যে উপাৰ্জনহীন পত্নী এলেহুৱা বুলি ধাৰণাটো এটা মিথ। ইয়াৰ লগতে আদালতে এগৰাকী পত্নীৰ বিনা বেতনে শ্ৰমৰ কথাও উল্লেখ কৰে। ন্যায়াধীশগৰাকীয়ে পৰ্যবেক্ষণ কৰে যে এটা পৰিয়ালত ঘৰুৱা সকলো কাম পৰিচালনা কৰা, সন্তান ডাঙৰ-দীঘল কৰা, পৰিয়ালৰ পোহপাল দিয়া আৰু উপাৰ্জন কৰা স্বামীৰ সুবিধা-অসুবিধাসমূহৰ প্ৰতি লক্ষ্য ৰখা আদি- এইবোৰ বিনা বেতনে শ্ৰম। যিহেতু এই কামসমূহৰ কোনো ৰেকৰ্ড নাথাকে, সেইবুলি ইয়াৰ গুৰুত্ব হ্ৰাস বা আওকাণ কৰিব নোৱাৰি। ন্যায়াধীশ স্বৰ্ণ কান্তে কয়, এগৰাকী পত্নীয়ে দিন ৰাতি কৰা কঠোৰ পৰিশ্ৰমে এটা পৰিয়ালক ধৰি ৰাখে।





