• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2026 5:26 pm
97
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ এখন আদালতে এটা অতি আচৰিত আৰু ভয়ংকৰ আই ভি এফ চিকিৎসাৰ গোচৰত এজাহাৰ দাখিল কৰাৰ নিৰ্দেশ দিছে। এটা দম্পতীৰ ডি এন এ পৰীক্ষাৰ অন্তত পোহৰলৈ আহে যে তেওঁলোকৰ যমজ কন্যা সন্তান দুগৰাকী প্ৰকৃততে তেওঁলোকৰ নিজৰ সন্তান নহয়। ইয়াৰ পিছতেই উৰ্বৰতা ক্লিনিক বা ফাৰ্টিলিটি ক্লিনিকখনৰ বিৰুদ্ধে ভ্ৰূণৰ সালসলনি আৰু নথি-পত্ৰ জালিয়াতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ৰাহুল আৰু মীনা ৰাঠোৰ নামৰ দম্পতীহালে ২০২৪ চনৰ শেষৰ ফালে গ্ৰেটাৰ কৈলাশৰ এছ চি আই আই ভি এফ হাস্পতালত ইন-ভিট্ৰ‘ ফাৰ্টিলাইজেচন বা আই ভি এফ চিকিৎসাৰ বাবে গৈছিল। ২০২৬ চনৰ ৫ জানুৱাৰীত মীনাই দুগৰাকী যমজ কন্যা সন্তানৰ জন্ম দিয়ে। কিন্তু লাহে লাহে দম্পতীহালৰ মনত সন্দেহ উপজিবলৈ ধৰে কাৰণ সন্তান দুগৰাকীৰ চেহেৰাৰ লগত পিতৃ-মাতৃৰ কোনো মিল নাছিল।

Apply Now

ইয়াৰ পিছত তেওঁলোকে স্বতন্ত্ৰ সংস্থাৰ জৰিয়তে ডি এন এ পৰীক্ষা কৰোৱায় আৰু ফলাফল দেখি আচৰিত হৈ পৰে। ৰিপৰ্টত স্পষ্ট হৈ পৰে যে যমজ কন্যা দুগৰাকী দম্পতীহালৰ সৈতে জিনীয়ভাৱে কোনো সম্পৰ্ক নাই। তাতোকৈ আচৰিত কথাটো হ‘ল যে যমজ সন্তান দুগৰাকীৰো ইজনীৰ সিজনীৰ লগত কোনো তেজৰ সম্পৰ্ক নাই। ইয়াৰ পৰা সন্দেহ কৰা হৈছে যে ক্লিনিকখনে অজ্ঞাত দাতাৰ ভ্ৰূণ ব্যৱহাৰ কৰিছিল।

দম্পতীহালে অভিযোগ কৰা অনুসৰি ক্লিনিকখনে তেওঁলোকৰ সন্মতি পত্ৰ জাল কৰিছিল আৰু কোনো সঠিক তথ্য নিদিয়াকৈয়ে দাতাৰ ভ্ৰূণ স্থাপন কৰিছিল। তেওঁলোকে লগতে দাবী কৰে যে মীনা অজ্ঞান হৈ থকা অৱস্থাত তেওঁলোকৰ পৰা স্বাক্ষৰ লোৱা হৈছিল আৰু এই নথি-পত্ৰসমূহ সঠিকভাৱে পঞ্জীয়ন বা নটাৰী কৰা হোৱা নাছিল। আনহাতে হাস্পতাল কৰ্তৃপক্ষই এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে দম্পতীহালৰ নিজৰ জিনীয় পদাৰ্থ ব্যৱহাৰৰ উপযোগী নাছিল বাবে অজ্ঞাত দাতাৰ ভ্ৰূণ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নিজেই সন্মতি পত্ৰত স্বাক্ষৰ কৰিছিল।

প্ৰথমে আৰক্ষীয়ে এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত দম্পতীহালে আদালতৰ কাষ চাপে। আদালতে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি আৰক্ষীক তৎকালীনভাৱে এজাহাৰ ৰুজু কৰি বিতং তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। এজন দণ্ডাধীশে উল্লেখ কৰে যে এই গোচৰটোৱে জালিয়াতি, আইন উলংঘা আৰু শিশু সৰবৰাহৰ দৰে ভয়ংকৰ সম্ভাৱনাকো আঙুলিয়াই দিছে, সেয়েহে ইয়াৰ এক পুংখানুপুংখ তদন্তৰ প্ৰয়োজন।

ইয়াৰ উপৰিও আদালতে আৰক্ষীক হাস্পতালখনৰ সকলো চিকিৎসাৰ ৰেকৰ্ড, চিচিটিভি ফুটেজ, সন্মতি পত্ৰ আৰু গৱেষণাগাৰৰ নথি-পত্ৰ সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। হাস্পতাল কৰ্তৃপক্ষই এজাহাৰৰ বিৰুদ্ধে আবেদন কৰিছিল যদিও আদালতে সেয়া নাকচ কৰে আৰু ৰেকৰ্ডত থকা বিসংগতিৰ বাবে দম্পতীহালৰ অভিযোগ সঁচা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে। বৰ্তমান এই দম্পতীহাল মানসিকভাৱে যথেষ্ট ভাগি পৰিছে যদিও তেওঁলোকে আইনী যুঁজ চলাই যোৱাৰ লগতে এই যমজ কন্যা দুগৰাকীকো মৰমেৰে লালন-পালন কৰি আছে আৰু ন্যায়ৰ বাবে অপেক্ষা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd