DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ধনৰ বাবে মহিলাক প্ৰতাৰণা আই পি এছ বিষয়াৰূপী প্ৰতাৰকৰ: তদন্তত ওলাল জোলোঙাৰ মেকুৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2022 10:39 pm
man posing as IPS officer
199
VIEWS
Share on FacebookShare on Twitter

ধন ঘটাৰ বাবে মানুহে নানা কৌশলী পন্থাৰ আশ্ৰয় লয়। পিছে সহজলভ্য ধনৰ আশাত বহু লোকে অৱলম্বন কৰে আনক প্ৰতাৰণাৰ পথ। মিথ্যাচাৰিতাৰে মানুহক প্ৰতাৰণা কৰা নানা ঘটনা নিশ্চয় শুনিবলৈ পাইছে। কিন্তু এনে ঘটনাৰ পৰা জনসাধাৰণক নিৰাপত্তা দিয়া আৰক্ষীৰ ৰূপতে প্ৰতাৰকে লুণ্ঠন চলোৱাৰ কথা কল্পনা কৰিব পাৰেনে?

অবিশ্বাস্য হ’লেও এই ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীত। উত্তৰ প্ৰদেশৰ কেডাৰৰ আই পি এছ বিষয়াৰ ৰূপ লৈ দিল্লীত ধনৰ বাবে মহিলাক প্ৰতাৰণা কৰি ৰঙাঘৰৰ আলহী হৈছে এগৰাকী ব্যক্তি।

কোনো শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ নোহোৱাকৈ মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ বাসিন্দা বিকাশ গৌতম নামৰ লোকজনে আই আই টি কানপুৰৰ স্নাতক আৰু এগৰাকী আই পি এছ বিষয়াৰ ৰূপত চিনাকি দি কেৱল মহিলাসকলক প্ৰতাৰণা কৰাৰ জাল পেলায়।

দিল্লীত এগৰাকী মহিলা চিকিৎসকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আউটাৰ দিল্লীৰ চাইবাৰ চেলে বিকাশক গ্ৰেপ্তাৰ কৰে। আই পি এছ বিষয়াৰ ৰূপ লৈ বিকাশে তেওঁৰ পৰা ২৫ হাজাৰ টকা লৈছিল বুলি অভিযোগ কৰে ছানীয়ে।

এজাহাৰ লাভ কৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু প্ৰতাৰক ভুৱা আই পি এছ বিষয়াৰ ৰূপ লোৱা বিকাশ গৌতমক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তদন্তত ধৃত বিকাশে ফেচবুক আৰু ইনষ্টাগ্ৰামত আই পি এছ বিষয়া বুলি দাবী কৰি ভুৱা প্ৰফাইল চলাই থকাৰ প্ৰমাণো পোহৰলৈ আহে।

এই ভুৱা ছ’চিয়েল মিডিয়া প্ৰফাইলৰ জৰিয়তে বিকাশে কেইবাগৰাকীও আমোলাৰ সৈতে পোজ দিয়া কেইবাখনো ছবি আপলোড কৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰা তথ্য অনুসৰি বিকাশ অষ্টম মান উত্তীৰ্ণ হোৱাৰ পাছত দিল্লীলৈ যায় আৰু মুখাৰ্জী নগৰ অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত কাম কৰিবলৈ আৰম্ভ কৰে।

এই ৰেষ্টুৰেণ্টখনলৈ কেইবাগৰাকীও অসামৰিক সেৱাৰ বিষয়াই সঘনে অহা-যোৱা কৰিছিল। তেতিয়াই এই প্ৰতাৰণাৰ জালখনৰ পৰিকল্পনা কৰিছিল বিকাশে।

Recent News

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

World War II bombs found

মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা: নিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd