ন মাহ, ন দিন গৰ্ভধাৰণ নহয়। কেবল টকা দিলেই আপোনাৰ কোলালৈ আহিব নৱজাতক! ৰেট কাৰ্ড চাই বাচি-মেলি ‘শ্বপিং’ও কৰা হৈছে। ৰাজধানী দিল্লীতেই এনে এক চাঞ্চল্যকৰ ‘বেবী মাৰ্কেট’ বিচাৰি পাইছে আৰক্ষীয়ে। আন্তঃৰাজ্যিক শিশু সৰবৰাহৰ চক্ৰৰ এক চাঞ্চল্যকৰ কাণ্ড উন্মোচিত হৈছে।
অভিযোগ অনুসৰি নৱজাত কেঁচুৱাক কেইবা লাখ টকাত বিক্ৰী কৰা হৈছিল আৰু ক্ৰেতাৰ পৰা আগতীয়াকৈ ‘টোকেন মানি’ হিচাপে ধনো লোৱা হৈছিল। দীৰ্ঘদিনীয়া চোৰাংচোৱাগিৰি আৰু গোপন অভিযানৰ অন্তত দিল্লী আৰক্ষীয়ে ৫টা নৱজাতক উদ্ধাৰ কৰিছে। এই ঘটনাত চিকিৎসক, দালাল, সৰবৰাহকাৰী, মধ্যভোগী, সম্ভাৱ্য ক্ৰেতাকে ধৰি কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে নৱজাত ল’ৰা শিশুক ৬-৮ লাখ টকা পৰ্যন্ত আৰু ছোৱালী ৩-৪ লাখ টকাত বিক্ৰী কৰা হৈছিল। এই আন্তঃৰাজ্যিক চক্ৰটোৱে মূলতঃ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক লক্ষ্য কৰি লৈছিল। অভিযোগ অনুসৰি ৰাজস্থান আৰু গুজৰাটৰ বিভিন্ন অঞ্চলৰ পৰা নৱজাতক সংগ্ৰহ কৰি দিল্লী-এনচিআৰ আৰু চুবুৰীয়া ৰাজ্যৰ নিঃসন্তান দম্পতীৰ হাতত তুলি দিয়া হৈছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি দিল্লীৰ এগৰাকী দায়িত্বশীল নাগৰিকৰ তৎপৰতাত সমগ্ৰ চক্ৰটো ধৰা পৰিছে। ঘটনাটো আৰম্ভ হৈছিল ব্যক্তিজনৰ সন্দেহৰ পৰা। ব্যক্তিজনে দিল্লীৰ পাহাৰগঞ্জ অঞ্চলত শিশুসহ এগৰাকী মহিলাক দেখিছিল। কিছুদিন পিছত একেগৰাকী মহিলাৰ সৈতে আন এটা শিশু দেখি তেওঁৰ সন্দেহ হ’ল, সেয়েহে তেওঁ আৰক্ষীক খবৰ দিলে। সেই তথ্যৰ ভিত্তিত তদন্তকাৰীয়ে এই শিশু সৰবৰাহৰ চক্ৰটোক প্ৰায় ১৫ দিন নিৰীক্ষণ কৰাৰ পিছত বিচাৰি উলিয়ায়।
তদন্তত প্ৰকাশ পাইছে যে এই চক্ৰটোৱে নৱজাতকক সংগ্ৰহ কৰি ভুৱা নথি-পত্ৰ, ভুৱা চিকিৎসা কাগজ আৰু ভুৱা পৰিচয় ব্যৱহাৰ কৰি সম্ভাৱ্য ক্ৰেতাৰ হাতত তুলি দিছিল। অভিযোগ কৰা হৈছে যে কিছুমান ক্ষেত্ৰত ভুৱা গৰ্ভাৱস্থাৰ কাহিনী সৃষ্টি কৰাৰ লগতে চিকিৎসালয়ৰ ৰেকৰ্ডৰ অপব্যৱহাৰো কৰা হৈছিল। তদন্তৰ অংশ হিচাপে এখন চিকিৎসালয় আৰু জড়িত চিকিৎসকৰ ভূমিকাৰো তদন্ত চলি আছে।
আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ কৰা শিশুকেইটাৰ বয়স ৫ দিনৰ পৰা ৪ মাহৰ ভিতৰত। শিশুকেইটাক নিৰাপদ জিম্মাত লৈ পৰিয়াল বা বৈধ অভিভাৱকৰ সন্ধানত অভিযান অব্যাহত আছে।
প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰিব পাৰি যে এই চক্ৰটো কেৱল দিল্লীতে সীমাবদ্ধ নাছিল; ইয়াৰ নেটৱৰ্ক কেইবাখনো ৰাজ্যত বিয়পি পৰিছিল। তদন্তকাৰীয়ে এতিয়া এই নেটৱৰ্কৰ জৰিয়তে যোৱা কেইবছৰমানৰ ভিতৰত আৰু কিমান শিশুৰ সৰবৰাহ হৈছিল সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছে। একাংশ প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই চক্ৰৰ জৰিয়তে প্ৰায় ৩০টা শিশুৰ সৰবৰাহ হৈছে আৰু একাধিক দম্পতীৰ ভূমিকা সম্পৰ্কে তদন্ত চলি আছে।
এই অভিযানত এতিয়ালৈকে ৫টা নৱজাতক উদ্ধাৰ কৰা হৈছে। শিশুকেইটাৰ বয়স ৫ দিনৰ পৰা ৪ মাহৰ ভিতৰত বুলি জানিব পৰা গৈছে। এই তদন্তত চিকিৎসক, দালাল, সৰবৰাহকাৰী, মধ্যভোগী আৰু সম্ভাৱ্য ক্ৰেতাকে ধৰি মুঠ ১৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়াও তদন্ত অব্যাহত আছে আৰু এই নেটৱৰ্কৰ সৈতে জড়িত আন লোকসকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।





