“যেতিয়াই সুযোগ পাইছিল, তেতিয়াই ব্ৰীজভূষণে…”! দিল্লী আৰক্ষীৰ ভাষ্যত বিপদত বিজেপি সাংসদ

ব্রীজ ভূষণ শৰণ সিং। ফাইল ফটো: সংগ্ৰহীত।

“ব্ৰীজভূষণে যেতিয়াই সুযোগ পাইছিল, তেতিয়াই মহিলা মল্লযুঁজাৰুৰ লগত অশালীন আচৰণ কৰিবলৈ চেষ্টা কৰিছিল”। আদালতত এই বিস্ফোৰক মন্তব্য দাঙি ধৰিছে দিল্লী আৰক্ষীয়ে।

সাংসদ তথা মল্লযুঁজ সন্থাৰ সভাপতি ব্রিজ ভূষণ সিঙৰ অস্বস্তি আৰু বাঢ়িছে। দিল্লীৰ ৰাউছ এভিনিউ আদালতত দিল্লী আৰক্ষীয়ে যুক্তি দিছে যে ব্রীজ ভূষণ সিঙে সুযোগ পালেই মহিলা মল্লযুঁজাৰুৰ লগত অসৎ আচৰণ কৰিবলৈ চেষ্টা কৰিছিল৷

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ গোচৰত বিজেপি সাংসদ ব্রজভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ শুনানি শনিবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতত সম্পূর্ণ হয়৷ শুনানিৰ সময়ত দিল্লী আৰক্ষীয়ে যুক্তি দিয়ে যে ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিবলৈ যি প্ৰমাণ পোৱা গৈছে সেয়া যথেষ্ট।

লগতে পঢ়ক: যুৱতীৰ স্কুটীৰ পিছত উঠি ক’ত ঘূৰি ফুৰিছে ৰাহুল গান্ধী? ভাইৰেল ভিডিঅ’ক লৈ কৌতুহল তুংগত!

দিল্লী আৰক্ষীয়ে জনোৱা মতে, ব্রীজ ভূষণে যেতিয়াই সুযোগ পাইছিল, তেওঁ মহিলা মল্লযুঁজাৰুসকলৰ শালীনতাত হাত দিবলৈ চেষ্টা কৰিছিল৷ দিল্লী আৰক্ষীৰ মতে, ব্রীজ ভূষণে তেওঁ কি কৰি আছিল সেই কথা ভালদৰেই জানিছিল৷

দিল্লী আৰক্ষীয়ে আদালতত কয় যে  ‘প্ৰশ্ন নিৰ্যাতিতা মহিলাগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নে নাই সেয়া নহয়, প্ৰশ্নটো হ’ল তেওঁৰ  লগত অন্যায় কৰা হৈছে নেকি’? গোচৰৰ শুনানিৰ সময়ত দিল্লী আৰক্ষীয়ে দিল্লীৰ ডব্লিউ এফ আইৰ কাৰ্যালয়ত অভিযোগকাৰীসকলৰ সৈতে সংঘটিত হোৱা ঘটনাৰ কথা উল্লেখ কৰে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীৰ কনভয়ৰ সন্মুখত জঁপিয়াই পৰি চিঞৰি উঠিল যুৱ বিজেপি কৰ্মী-‘চাকৰি দিয়ক’!

এগৰাকী মহিলা মল্লযুঁজাৰুৰ অভিযোগৰ উদ্ধৃতি দি দিল্লী আৰক্ষীয়ে কয় যে তাজিকিস্তানত এক ইভেন্ট চলি থকাৰ সময়ত ব্রীজ ভূষণে অভিযোগকাৰীক নিজৰ ঘৰলৈ মাতি আনি বলপূৰ্বকভাৱে সাৱটি ধৰে। অভিযোগকাৰীয়ে তেওঁৰ মুখামুখি হোৱাত ব্ৰীজভূষণে কয় যে তেওঁ এগৰাকী পিতৃৰ দৰে আচৰণ কৰিছিল, যাৰ পৰা স্পষ্ট হৈ পৰে যে ব্রীজভূষণে তেওঁ কি কৰিছে সেই কথা জানে৷

আন এগৰাকী অভিযোগকাৰীৰ অভিযোগৰ কথা উল্লেখ কৰি দিল্লী আৰক্ষীৰ অধিবক্তাগৰাকীয়ে কয় যে তেওঁ তাজিকিস্তানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপৰ সময়ত ব্রীজ ভূষণে অনুমতি অবিহনে মহিলা মল্লযুঁজাৰুৰ চাৰ্টটো তুলি দিছিল, আৰু পেটত স্পৰ্শ কৰিছিল।

লগতে পঢ়ক: পিন্ধনত খাকী শাৰী আৰু কুৰ্তা: এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত পতাকা কঢ়িয়ালে লাভলীনা-হৰমনপ্ৰীতে

দিল্লী আৰক্ষীয়ে জনোৱা মতে, ভাৰতত যদি কোনো মহিলাৰ বিৰুদ্ধে আই পি চিৰ ৩৫৪এ ধাৰাত কোনো অপৰাধ সংঘটিত হয় তেন্তে অভিযুক্তৰ সৰ্বোচ্চ শাস্তি তিনি বছৰ হ’ব পাৰে। এতিয়া এই গোচৰৰ শুনানি হ’ব অহা  ৭ অক্টোবৰত।